ETV Bharat / bharat

Mann Ki Baat : মন কী বাতত পুনৰ এবাৰ মণিপুৰক উপেক্ষা প্ৰধানমন্ত্ৰী মোদীৰ

author img

By

Published : Jul 30, 2023, 2:09 PM IST

Mann Ki Baat
মণিপুৰৰ প্ৰসংগ অবিহনে প্ৰধানমন্ত্ৰীৰ আন এক 'মন কী বাত'

প্ৰধানমন্ত্ৰী মোডীয়ে মন কী বাতৰ ১০৩ সংখ্যক সংস্কৰণ সম্বোধন কৰে । নিষিদ্ধ ড্ৰাগছ জব্দ আৰু ধ্বংস কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে । ৪,০০০ তকৈও অধিক মুছলমান মহিলাৰ হজ যাত্ৰা সম্পৰ্কেও মন্তব্য কৰে । পানী সংৰক্ষণৰ বাবে মধ্য প্ৰদেশৰ পাকাৰিয়া গাঁৱৰ জনজাতীয় বাসিন্দাসকলৰ প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে ।

নেশ্যনেল ডেস্ক,৩০ জুলাই : মণিপুৰৰ ঘটনাকলৈ এতিয়াও মৌন হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মণিপুৰৰ বিষয় উত্থাপন নকৰাকৈয়ে আকৌ এবাৰ দেশবাসীক মন কি বাত অনুষ্ঠান সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে । দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ১০৩ সংখ্যক মাহেকীয়া ৰেডিঅ' অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে । অনুষ্ঠানত তেওঁ দেশৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰাৰ লগতে বানপানীৰ দৰে দুৰ্যোগৰ সময়ত জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে ।

তেওঁ কয় যে 'আজাদী কা অমৃত মহোৎসৱ'ৰ সময়ত নিৰ্মাণ কৰা প্ৰায় ৬০,০০০ অমৃত সৰোবৰ জল সংৰক্ষণৰ প্ৰচেষ্টা হিচাপে পৰিগণিত হৈছে । তেওঁ উল্লেখ কৰা মতে সমগ্ৰ দেশতে ৫০,০০০ৰো অধিক অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে । প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ প্ৰদেশত এদিনত ৩০ কোটি গছপুলি ৰোপণৰ কথা উল্লেখ কৰি কয় যে, ই এক অভিলেখ । শেহতীয়াকৈ মধ্যপ্ৰদেশ ভ্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে, পাকাৰিয়া গাঁৱৰ জনজাতীয় বাসিন্দাসকলে প্ৰায় ১০০ টা কুঁৱাত বৰষুণৰ পানী সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিছে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ১২,০০০ কোটি টকাৰ অধিক মূল্যৰ ১০ লাখ কিলোগ্ৰামৰো অধিক ড্ৰাগছ ধ্বংস কৰাটো ভাৰতৰ বাবে এক নতুন অভিলেখ । ইফালে স্বাধীনতা দিৱস উপলক্ষে ঘৰত ত্ৰিৰংগা উত্তোলন কৰি 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচী আগবঢ়াই নিবলৈ ৰাইজক তেওঁ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰা মতে ৪,০০০ তকৈও অধিক মুছলমান মহিলাই 'মেহৰাম' (পুৰুষ সংগী) অবিহনে হজ যাত্ৰা কৰিছে । যাৰ বাবে তেওঁ চৌদি আৰৱ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু হজ নীতিৰ পৰিৱৰ্তনৰ প্ৰশংসা কৰে । তেওঁ দেশবাসীক দুৰ্যোগৰ সময়ত সামূহিক প্ৰচেষ্টাৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে প্ৰশংসা কৰে আৰু বানপানীৰ সময়ত সময়মতে সঁহাৰি দিয়াৰ বাবে এনডিআৰএফ আৰু সেনাকো প্ৰশংসা কৰে ।

মণিপুৰৰ বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বিবৃতিক লৈ বিৰোধীয়ে সদনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে এই মন কী বাত অনুষ্ঠানটো সম্বোধন কৰে । কিন্তু দেওবাৰৰ এই খণ্ডটোত প্ৰধানমন্ত্ৰীয়ে পুনৰ মণিপুৰৰ বিষয়ক লৈ কোনো মন্তব্য প্ৰকাশ নকৰাত বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

শেহতীয়া মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে হিংসাজৰ্জৰ ৰাজ্যখন সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ নকৰাক মণিপুৰবাসী ক্ষোভিত হৈছিল । প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ হিচাপে ৰাজপথত ৰেডিঅ' ভাঙিছিল ৰাইজে । কিন্তু এইবাৰৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে উক্ত বিষয়ক লৈ কোনো মন্তব্য প্ৰকাশ নকৰাত মণিপুৰবাসীয়ে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :PM Modi meets Murli Manohar Joshi : জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.