ETV Bharat / bharat

ৰাজস্থানত আছে ১০০ বছৰ বা ততোধিক বয়সৰ প্ৰায় ১৫ হাজাৰ ভোটাৰ

author img

By

Published : Sep 29, 2022, 9:13 PM IST

ৰাজস্থানত 100 বছৰ বা ততোধিক বয়সৰ প্ৰায় 15 হাজাৰ ভোটাৰ আছে । ইয়াৰে ভিতৰত ঝুনঝুনুত এই বয়সৰ ভোটাৰৰ সংখ্যা সৰ্বাধিক 1688 জন (Most voters of 100 years in Jhunjhunu) ।

rajasthan
rajasthan

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : ৰাজস্থানৰ 33 খন জিলাত 100 বছৰ বা ততোধিক বয়সৰ (100 years old voters in Rajasthan) 14 হাজাৰ 976 জন ভোটাৰ আছে । ইয়াৰে ভিতৰত ঝুনঝুনুত এই বয়সৰ ভোটাৰৰ সংখ্যা সৰ্বাধিক 1688 জন (Most voters of 100 years in Jhunjhunu) আছে ।

আনহাতে, সৰ্বনিম্ন ৭৩ জন আছে বাৰণ জিলাত । ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াই চলোৱা (Rajasthan state election commission) জ্যেষ্ঠ ভোটাৰসকলৰ শাৰীৰিক প্ৰমাণীকৰণত এই পৰিসংখ্যাবোৰ পোহৰলৈ আহিছে । একে সময়তে অহা ১ অক্টোবৰ তাৰিখে আন্তৰ্জাতিক বয়োজ্যেষ্ঠ দিৱস উপলক্ষে ৰাজ্যখনৰ বৃদ্ধ লোকসকলক সন্মানিত কৰা হ'ব (Honor on World Elders Day)।

মুখ্য নিৰ্বাচনী বিষয়া প্ৰবীণ গুপ্তাই জনায় যে ঝুনঝুনুৰ পিছত জয়পুৰত ১ হাজাৰ ১২৬, উদয়পুৰত ৯৬৮, ভিলৱাৰাত ৮৪৪, চিকাৰত ৮২৮ জন আৰু পালিত ৮২০ জন ১০০ বছৰ বা ততোধিক বয়সৰ ভোটাৰ আছে । আনহাতে, বাৰণত 73, চুৰুত 96, টংকত 103, ঢোলপুৰত 121, জয়ছলমেৰত 153 জন ভোটাৰৰ বয়স 100 বছৰৰ অধিক (oldest voters of India) ।

গুপ্তাই লগতে কয় যে, এই ভোটাৰসকলক আন্তৰ্জাতিক বয়োজ্যেষ্ঠ দিৱসৰ দিনাখন সন্মানিত কৰা হ'ব (Honor on World Elders Day) । খোজকাঢ়িব পৰা বৃদ্ধ লোকসকলক পঞ্চায়ত ভৱন বা বিদ্যালয় ভৱনত আয়োজিত এক অনুষ্ঠানত ৰাজহুৱাভাৱে সন্মানিত কৰা হ'ব । কিন্তু যিসকলে অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিব, তেওঁলোকক বিষয়াসকলে তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ সন্মানিত কৰিব (voters more than 100 years old) ।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে (Chief Election Commissioner) কয় যে, ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশত দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে এই বৃদ্ধ লোকসকলক সন্মান জনোৱাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁ কয় যে, এই উপলক্ষে মুখ্য নিৰ্বাচন আয়ুক্তৰ দ্বাৰা স্বাক্ষৰিত প্ৰশংসা-পত্ৰৰে বৃদ্ধ লোকসকলক সন্মানিত কৰা হ'ব ।

লগতে পঢ়ক :সোণৰ মূল্য প্ৰতি 10 গ্ৰামত 435 টকা হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.