বিচাৰিছে ১৫ খন, কংগ্ৰেছে দিছে ৪ খন : ক্ষুব্ধ ৰাইজৰ দলৰ জৰুৰী বৈঠক
ধেমাজি, ডিমৌ, মৰিয়নী, চিচিবৰগাঁও ৰাইজৰ দলক লাগিবই । আজি বৈঠকত মিত্ৰতা সন্দৰ্ভত হ'ব চূড়ান্ত সিদ্ধান্ত ।

Published : February 21, 2026 at 2:00 PM IST
গুৱাহাটী: অসম বিধানসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ প্ৰাকক্ষণত শাসকীয় বিজেপি দলৰ বিৰুদ্ধে আজিও বিৰোধীৰ স্থিতি স্পষ্ট হোৱা নাই । বিজেপিৰ বিৰুদ্ধে ঐক্য়বদ্ধ হোৱাৰ সংকল্প লোৱা বিৰোধীয়ে এতিয়াও আসন ভাগ-বাটোৱাৰাক লৈ সৰ্বসন্মত সিদ্ধান্তত উপনীত নোহোৱাত হাহাকাৰ লাগিছে বিৰোধী দলসমূহৰ মাজত ।
প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সৈতে বিৰোধী ঐক্য এই পৰ্যন্ত চূড়ান্ত হোৱা নাই । বিশেষকৈ সমষ্টিৰ আসন বুজাবুজিৰ ক্ষেত্ৰত এই পৰ্যন্ত কংগ্ৰেছৰ দলৰ সৈতে চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই ৰাইজৰ দলৰ লগতে আন বিৰোধী দলসমূহে । কংগ্ৰেছ দলৰ সৈতে হ'বলগীয়া মিত্ৰতা সন্দৰ্ভত শনিবাৰে গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত ৰাইজৰ দলৰ এখনি নিৰ্বাচন সম্পৰ্কীয় জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয় ।
আজি পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত কৰা এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয় দলটোৰ নেতা অখিল গগৈ, শ্বেৰমান আলি আহমেদ ,আব্দুল ৰচিদ মণ্ডলকে ধৰি দলটোৰ কেইবাগৰাকী নেতা-কৰ্মী । আনহাতে আলোচনাত বহাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত দলটোৰ নেতা অখিল গগৈয়ে কয়, "কংগ্ৰেছে আমাক বিচৰা ১৫ খন আসনৰ মাত্ৰ ৪ খনহে দিছে । দিলেও- নিদিলেও আমি বিচৰা আসনত আমি জিকিম । পাব্লিক ছাৰ্ভেত আমি আগুৱাই আছো । কংগ্ৰেছৰ নেতাৰ নিজা নিজা প্ৰাৰ্থী আছে । আজি বৈঠকত মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত হ'ব ।"
অখিল গগৈয়ে পুনৰ কয়, "উজনিত আমাক নিদিলে দিগদাৰ হ'ব । ধেমাজি, ডিমৌ, মৰিয়নী, চিচিবৰগাঁও আমাক লাগিবই । খেলিব নোৱৰা ছীট দি লাভ নাই । কংগ্ৰেছৰ লগত মিত্ৰতা এতিয়াও ছেদ হোৱা নাই । আজিৰ বৈঠকত যি সিদ্ধান্ত হ'ব,সেই সিদ্ধান্ত আমি কংগ্ৰেছ দলক জনাম । মানিলে মানিব, নামানিলে আমি সিদ্ধান্ত ল'ম । বৈঠকখন চূড়ান্ত হোৱাৰ পিছতহে আপোনালোকক জনাব পাৰিম । মুঠতে জৰুৰী বৈঠকখন সমাপ্ত হোৱাৰ পিছতহে কংগ্ৰেছ দলৰ সৈতে বিৰোধী মিত্ৰতা সন্দৰ্ভত চূড়ান্ত হ'ব ।"
ইপিনে, ৰাইজৰ দলত যোগদানৰ পিছত প্ৰথমবাৰৰ বাবে শ্বেৰমান আলি আহমেদ উপস্থিত হয় ৰাইজৰ দলৰ দলীয় কেন্দ্ৰীয় কাৰ্যালয়ত । নিৰ্বাচনী জৰুৰী বৈঠকত উপস্থিত হোৱাৰ পূৰ্বে দলটোৰ নেতা শ্বেৰমান আলি আহমেদে সংবাদ মাধ্যমৰ আগত কয়, "আজি বৈঠকত কি আলোচনা হ'ব নাজানো । বিজেপিক পৰাভূত কৰিবলৈ হ'লে মিত্ৰতা লাগিব । আকোঁৰগোজ স্থিতি কংগ্ৰেছ দলে কৰি থাকিলে নহ'ব । এৰা-ধৰা মাজেৰে মিত্ৰতা কৰিব লাগিব ।"

