অসমত কংগ্ৰেছ চৰকাৰ পতনৰ পাঁচটা মুখ্য কাৰণৰ ভিতৰত এটা অন্যতম অখিল গগৈ : ভূপেন বৰা
অমিত শ্বাহৰ সৈতে সাক্ষাতৰ পাছত ভূপেন বৰাৰ বিস্ফোৰক মন্তব্য । ৮ মাৰ্চৰ ভিতৰত আৰু বহু কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব ।

Published : February 21, 2026 at 7:55 AM IST
গুৱাহাটী : ৰাজ্যত এতিয়া নিৰ্বাচনী উত্তেজনাই তীব্ৰ ৰূপ লৈছে । শাসকীয় আৰু বিৰোধী শিবিৰত ব্যস্ততা বাঢ়ি থকাৰ মাজতে আগমন ঘটিছে শীৰ্ষ নেতা-নেত্ৰীৰ । তিনিদিনীয়া অসম ভ্ৰমণসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৃহস্পতিবাৰে ৰাজ্যত উপস্থিত হয় । বিভিন্ন চৰকাৰী কাৰ্যসূচী সম্পন্ন কৰাৰ পাছত শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮ বজাত কইনাধৰা ৰাজ্যিক অতিথিশালাত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠকত মিলিত হয় ।
এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে পূৰ্বৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক চিনাকি কৰাই দিয়ে । এই বৈঠকত বিজেপিৰ বিধায়ক মানৱ ডেকাও উপস্থিত থাকে । বৈঠকৰ অন্তত গেষ্ট হাউছৰ পৰা ওলাই আহি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।
ভূপেন বৰাই কয়, “মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ মোক অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে লগ কৰাই দিয়াৰ বাবে । গৃহমন্ত্ৰী উপস্থিত হোৱাৰ মাত্ৰ পাঁচ মিনিটৰ ভিতৰতে মোক মাতি পঠোৱা হৈছিল । অমিত শ্বাহৰ সৈতে হোৱা আলোচনা ৰাজ্যসমূহৰ উন্নয়ন আৰু আগন্তুক দিশ সম্পৰ্কীয় বিষয়ক কেন্দ্ৰ কৰি হৈছিল, যাৰ দ্বাৰা মই আশ্বস্ত হৈছোঁ ।”
ইয়াৰ লগতে তেওঁ স্পষ্ট কৰে যে ৰাইজে তেওঁক কলেজীয়া জীৱনৰ পৰা 'ভূপেন বৰা' হিচাপেই চিনি আহিছে আৰু আগলৈও সেই চিনাকিতেই থাকিব ।
আনহাতে, কংগ্ৰেছৰ চৰকাৰ পতনৰ কাৰণ সন্দৰ্ভত মন্তব্য আগবঢ়াই তেওঁ কয়, “অসমত কংগ্ৰেছ চৰকাৰ পতনৰ পাঁচটা মুখ্য কাৰণৰ ভিতৰত অন্যতম কাৰণ অখিল গগৈ ।”

সমষ্টিৰ টিকট বা আনুষ্ঠানিক ৰাজনৈতিক সিদ্ধান্তৰ বিষয়ে কোনো আলোচনা হোৱা নাই বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে তেওঁক আগন্তুক সময়ত 'জাতীয় আৰু ৰাষ্ট্ৰীয় চেতনা' লৈ আগবাঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে ।
একে সময়তে তেওঁ দাবী কৰে, "৮ মাৰ্চৰ ভিতৰত জাতীয়তাবোধ থকা বহু কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব ।"
উল্লেখ্য যে ভূপেন বৰাই গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে এ পি এছ চিৰ দুৰ্নীতিৰ অভিযোগো পুনৰ উদঙাই দিয়ে । এই মন্তব্যসমূহে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত নতুন আলোড়নৰ সৃষ্টি কৰিছে।

