বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যু
বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ নেত্ৰী বেগম খালেদা জিয়াৰ ৮০ বছৰ বয়সত দেহাৱসান ঘটে ৷

By ANI
Published : December 30, 2025 at 7:48 AM IST
|Updated : December 30, 2025 at 9:04 AM IST
ঢাকা (বাংলাদেশ) : মঙলবাৰে পুৱাই আহিল এটা বেয়া খবৰ ৷ বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়া আৰু নাই ৷ বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে (বি এন পি) মতে, মঙলবাৰে পুৱা প্ৰায় ৬ বজাত (স্থানীয় সময় অনুসৰি) ঢাকাৰ এখন চিকিৎসালয়ত মৃত্যু হয় খালেদা জিয়াৰ । মৃত্যুৰ সময়ত বিএনপি নেত্ৰী খালেদা জিয়াৰ বয়স আছিল ৮০ বছৰ ।
বিগত ২৩ নৱেম্বৰত সংকটজনক অৱস্থাত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল খালেদাক । তেতিয়াৰ পৰা এমাহৰো অধিক সময় ধৰি চিকিৎসালয়খনতে চিকিৎসাধীন হৈ আছে খালেদা । বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী দীৰ্ঘদিন ধৰি বৃক্ক আৰু যকৃতৰ লগতে বিভিন্ন আনুষংগিক ৰোগতো আক্ৰান্ত হৈ আছিল ।
Bangladesh Nationalist Party (BNP) posts, " bnp chairperson and former prime minister, deshnetri begum khaleda zia, passed away this morning at 6:00 am, shortly after fajr prayers..." https://t.co/0v6xDfXPdQ pic.twitter.com/Zg6BhlIqXg
— ANI (@ANI) December 30, 2025
পূৰ্বতে চিকিৎসকে উল্লেখ কৰা মতে, বৃক্কৰ কাৰ্যক্ষমতা সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল খালেদাৰ ৷ ফলত তেওঁৰ নিয়মীয়া ডায়েলাইছিছ চলি আছিল । তেওঁৰ দেহত "এওৰ্টিক ভালভ" সমস্যাও ধৰা পৰিছিল । চিকিৎসকে বহু চেষ্টা কৰিও বচাব নোৱাৰিলে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীক ৷
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে খালেদা জিয়াই ৷ সোমবাৰে নিশা খালেদাৰ অৱস্থাৰ অধিক অৱনতি ঘটে আৰু মঙলবাৰে পুৱাই চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বেগম খালেদা জিয়াৰ ৷

জানিব পৰা মতে, চলিত মাহৰ আৰম্ভণিতে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক অসুস্থতাৰ উন্নত চিকিৎসাৰ বাবে লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল ।আনকি ২ ডিচেম্বৰত চীনৰ পৰা ৫ জনীয়া চিকিৎসক এটা দল খালেদাৰ চিকিৎসাৰ বাবে ঢাকাত উপস্থিত হয় । তাৰে দুদিন পিছতে বাংলাদেশত উপস্থিত হয় আন এটা ৪ জনীয়া চীনৰ চিকিৎসকৰ দল । ব্ৰিটেইনৰ পৰা অহা বিশেষজ্ঞৰ এটা দলেও চীনৰ চিকিৎসকসকলৰ সৈতে মিলি খালেদাৰ স্বাস্থ্য উন্নত কৰাৰ চেষ্টা কৰে ৷
কিন্তু তেওঁৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাছিল । ১১ ডিচেম্বৰৰ দিনা ভেণ্টিলেটৰো বদলি কৰা হয় । শনিবাৰে মাজনিশা চিকিৎসক এজেএম জাহিদে কয় যে বিএনপি নেতাজনৰ শাৰীৰিক অৱস্থা অতি সংকটজনক । দেওবাৰে নিশাও তেওঁৰ পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাছিল ।
ইফালে ১৭ বছৰীয়া আত্মনিৰ্বাসনৰ অন্ত পেলাই খালেদা জিয়াৰ পুত্ৰ তথা বি এন পিৰ নেতা তাৰিক ৰহমানে ২৫ ডিচেম্বৰত লণ্ডনৰ পৰা বাংলাদেশলৈ উভতি আহে ৷ গৃহভূমি ভৰি থৈয়ে তেওঁ চিকিৎসাধীন হৈ থকা মাতৃৰ কাষলৈ যায় ৷
দীৰ্ঘদিন চিকিৎসা কৰি থকাৰ পাচতো সুস্থ হৈ নুঠা খালেদায় যেন পুত্ৰৰ বাবেই অপেক্ষা কৰি আছিল ৷ অৱশেষত জীৱন যুঁজত হাৰ মানি এই পৃথিৱীৰ পৰা বিদায় মাগিলে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াই ৷

