ভেণ্টিলেটৰেই ভৰসা; একালৰ প্ৰবল প্ৰতাপী প্ৰধানমন্ত্ৰীয়ে এতিয়া যুঁজিছে জীৱনৰ যুঁজ
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে মেডিকেল ব'ৰ্ডে বিবৃতি প্ৰকাশ কৰিছে ।

Published : December 12, 2025 at 11:13 AM IST
ঢাকা (বাংলাদেশ) : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া বিগত দুসপ্তাহৰো অধিক সময় ধৰি চিকিৎসাধীন হৈ আছে । হৃদযন্ত্ৰ আৰু হাওঁফাওঁ সংক্ৰমণত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসাধীন খালেদা জিয়াৰ স্বাস্থ্যৰ অৱস্থা বৃহস্পতিবাৰে নিশা অৱনতি ঘটে আৰু তেওঁক ভেণ্টিলেটৰৰ সহায়ত ৰখা হয় বুলি চিকিৎসকে জানিবলৈ দিয়ে ।
মেডিকেল ব'ৰ্ডৰ মুৰব্বী তথা বিশিষ্ট কাৰ্ডিঅ'লজিষ্ট চাহাবুদ্দিন তালুকদাৰৰ এক বিবৃতিত কোৱা হৈছে যে তেওঁৰ উশাহ-নিশাহৰ অসুবিধা বাঢ়ি গৈছিল, অক্সিজেনৰ মাত্ৰা কমি গৈছিল আৰু দেহত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাও বৃদ্ধি পাইছে ।
বিবৃতিত কোৱা হৈছে যে ৮০ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক পূৰ্বে "হাই ফ্ল' নেজেল কেনিউলা আৰু 'BiPAP' সমৰ্থনৰ দ্বাৰা চিকিৎসা কৰা হৈছিল, কিন্তু যিহেতু কোনো উন্নতি হোৱা নাছিল, সেয়েহে তেওঁক ইলেক্টিভ ভেণ্টিলেটৰ সমৰ্থনত ৰখা হৈছে ।" বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ অধ্যক্ষগৰাকীক ২৩ নৱেম্বৰত একাধিক স্বাস্থ্যজনিত জটিলতাৰ বাবে ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।
বিবৃতিটোত কোৱা হৈছে যে ৩ বাৰৰ প্ৰধানমন্ত্ৰীগৰাকীক স্থানীয় আৰু বিদেশী বিশেষজ্ঞ চিকিৎসকৰ এটা দলে ২৪ ঘণ্টাই চিকিৎসা প্ৰদান কৰি আছে, কিয়নো তেওঁৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংগ প্ৰভাৱিত হৈছে ।
ব'ৰ্ডে কয় যে তেওঁৰ বৃক্কৰ কাৰ্য্যক্ষমতা সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে আৰু তেওঁৰ নিয়মীয়া ডায়েলাইছিছ চলি আছে । ব'ৰ্ডে তেওঁৰ "এওৰ্টিক ভালভ"তো সমস্যা ধৰা পেলাইছে ।
বিবৃতিটোত কোৱা হৈছে, "যিহেতু তেওঁৰ নিৰন্তৰ জ্বৰ উঠি আছে আৰু ইকোকাৰ্ডিঅ'গ্ৰাফীত এওৰ্টিক ভালভত সমস্যা দেখা গৈছে, সেয়েহে ট্ৰেন্সঅ'ইছ'ফেজিয়াল ইকোকাৰ্ডিঅ'গ্ৰাম (টিইই) কৰা হৈছে । ইয়াত সংক্ৰামক এণ্ড'কাৰ্ডিটিছ, হৃদযন্ত্ৰৰ ভালভৰ গুৰুতৰ সংক্ৰমণ নিশ্চিত কৰা হয় । ইয়াৰ চিকিৎসা আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনা অনুসৰি আৰম্ভ কৰা হৈছে ।"
ইফালে ২৭ নৱেম্বৰত জিয়াক 'গুৰুতৰ সংক্ৰমণ'ৰ বাবে উচ্চমানৰ এণ্টি-বায়টিক আৰু এণ্টি-ফাংগেল ঔষধ প্ৰদান কৰাৰ সময়ত চিকিৎসকে তেওঁৰ 'তীব্ৰ পেনক্ৰিয়াটাইটিছ' ধৰা পেলাইছিল ।
তেওঁৰ ব্যক্তিগত চিকিৎসক তথা বি এন পিৰ স্থায়ী সমিতিৰ সদস্য এজেএম জাহিদ হোছেইনে কেইবাবাৰো তেওঁৰ স্বাস্থ্যৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰিছে যদিও চিকিৎসা ব'ৰ্ডে প্ৰথমবাৰৰ বাবে তেওঁৰ অৱস্থাৰ বিশদ বিৱৰণ দি এক বিবৃতি প্ৰকাশ কৰিছে ।
ব'ৰ্ডে বিবৃতিত জিয়াৰ অৱস্থা সন্দৰ্ভত মিছা বা ভুল তথ্য প্ৰচাৰ নকৰিবলৈ আৰু তেওঁৰ গোপনীয়তা আৰু মৰ্যাদাক সন্মান কৰিবলৈ আহ্বান জনাইছে ।
উল্লেখ্য যে বিগত সপ্তাহত মেডিকেল ব'ৰ্ডৰ সন্মতি সাপেক্ষে লণ্ডনলৈ উৰাজাহাজেৰে লৈ যোৱাৰ কথা আছিল যদিও কাটাৰে আগবঢ়োৱা এয়াৰ এম্বুলেন্স ঢাকাত উপস্থিত হ'ব নোৱাৰাৰ বাবে তেওঁৰ নিৰ্ধাৰিত যাত্ৰা স্থগিত ৰখা হয় । পিছত চিকিৎসকে সিদ্ধান্ত লয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে বিমান যাত্ৰাৰ বাবে উপযুক্ত বুলি গণ্য নোহোৱালৈকে এভাৰকেয়াৰ হাস্পতালত চিকিৎসা অব্যাহত ৰাখিব লাগে ।
লগতে পঢ়ক :বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ চিকিৎসাত অংশগ্ৰহণ ব্ৰিটেইনৰ চিকিৎসা দলৰ

