বাংলাদেশৰ উচ্চায়ুক্তক জৰুৰীভাৱে তলব, নিশাই উপস্থিত হ'ল ঢাকাত
বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে হঠাতেই তলব কৰাত দেশলৈ গ'ল ভাৰতত থকা উচ্চায়ুক্ত ।

By PTI
Published : December 30, 2025 at 8:25 AM IST
ঢাকা (বাংলাদেশ): ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত শেহতীয়াভাৱে সৃষ্টি হোৱা অশান্ত পৰিৱেশক লৈ দুয়োখন দেশে উদ্বিগ্ন হৈ পৰিছে । বিশেষকৈ বাংলাদেশত এজন হিন্দু যুৱকক নৃশংসভাৱে হত্য়া কৰা ঘটনাৰ পিচতেই ইয়াৰ প্ৰভাৱ ভাৰততো পৰা দেখা গৈছে । ইয়াৰ মাজতেই ভাৰতত থকা বাংলাদেশৰ উচ্চায়ুক্তক দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জৰুৰীভাৱে তলব কৰে ।
সোমবাৰে সন্ধিয়া প্ৰকাশিত এক বাতৰি অনুসৰি, ভাৰতত থকা বাংলাদেশৰ উচ্চায়ুক্ত ৰিয়াজ হামিদুল্লাক দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে জৰুৰীভাৱে তলব কৰাৰ পিছতে নিশাৰ ভিতৰতে তেওঁ ঢাকাত উপস্থিত হয় । ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই নতুন দিল্লীত থকা বাংলাদেশৰ উচ্চায়ুক্তক জৰুৰীভাৱে ঢাকালৈ তলব কৰা হৈছে ।
দেশখনৰ বহুল প্ৰচাৰিত দৈনিক প্ৰথম আলোৱে এই বিষয়ে প্ৰকাশ কৰিছে । বৈদেশিক কাৰ্যালয়ৰ এক অসমৰ্থিত সূত্ৰৰ উদ্ধৃতিৰে এই কাকতখনে উল্লেখ কৰে যে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সোমবাৰে নিশাই বাংলাদেশৰ উচ্চায়ুক্ত হামিদুল্লাই ঢাকাত উপস্থিত হয় । দ্বিপাক্ষিক সম্পৰ্কৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত আলোচনাৰ বাবে উচ্চায়ুক্তক ঢাকালৈ মাতি অনা হৈছে ।
উল্লেখ্য় যে, চুবুৰীয়া ৰাষ্ট্ৰখনত সৃষ্টি হোৱা অশান্ত পৰিৱেশৰ মাজতেই ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাক বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কেইদিনমান পূৰ্বে তলব কৰিছিল । বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তলব কৰাৰ পিচত অনুষ্ঠিত আলোচনাত ভাৰতত থকা বিশেষকৈ দিল্লী আৰু কলকাতাত বাংলাদেশী কূটনৈতিক প্রতিষ্ঠানত সুৰক্ষা নিশ্চিত কৰা বিষয়টোৱে স্থান লাভ কৰিছিল ।
যোৱা ২ ডিচেম্বৰত আগৰতলাত প্ৰতিবাদকাৰীয়ে বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ চৌহদত আক্ৰমণ চলোৱাৰ পিছত নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অনুষ্ঠিত হৈছিল ।

