ETV Bharat / health

কাহৰ লগতে শৰীৰৰ এই অংশত বিষ হয় নেকি ? হ’ব পাৰে এয়া কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ

সাধাৰণতে চৰ্দি, এলাৰ্জী বা সংক্ৰমণৰ ফলত কাহ হয়, কিন্তু ইয়াৰ ফলত যদি আপুনি বুকু-কান্ধৰ বিষত ভোগে, তেন্তে ই হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণো হ’ব পাৰে-

Prolonged Cough Cancer Symptom
কাহৰ লগতে শৰীৰৰ এই অংশত বিষ হয় নেকি ? হ’ব পাৰে এয়া কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : October 28, 2025 at 1:21 PM IST

3 Min Read
Choose ETV Bharat

চৰ্দি, কাহ, ফ্লুৱে আমাক মাজে সময়ে খুবেই অশান্তি দিয়ে ৷ কিন্তু সঘনাই হ’লে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ সাধাৰণতে চৰ্দি, এলাৰ্জী বা সংক্ৰমণৰ ফলত কাহ হয় ৷ কিন্তু যদি ইয়াৰ লগতে বুকু, কান্ধ বা কঁকালৰ বিষ অনুভৱ কৰে, তেন্তে ই কেৱল এয়া কোনো সাধাৰণ সমস্যা নহয়, হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণো হ’ব পাৰে ৷ তেন্তে পলম নকৰি আহক জানো যে শৰীৰৰ কোনবোৰ অংশত হোৱা বিষ কেন্সাৰৰ উৎপত্তিৰ কাৰণ বুলি গণ্য কৰা হয় অৰ্থাৎ যদি আপোনাৰ এই অংশবোৰত বিষ হয় তেন্তে জানিব পাৰি যে কেন্সাৰৰ আশংকা আছে বা কেন্সাৰ হোৱাৰ সম্ভাৱনা আছে ৷

কোনবোৰ বিষৰ ফলত কেন্সাৰ হোৱাৰ আশংকা থাকে ?

এতিয়া প্ৰশ্ন উত্থাপন হয় যে শৰীৰৰ কোনবোৰ অংগই কেন্সাৰ সৃষ্টি কৰিব পাৰে ? আমেৰিকান কেন্সাৰ ছ’চাইটিৰ মতে, ধাৰাবাহিক কাহ আৰু বুকুৰ বিষ হাওঁফাওঁৰ কৰ্কট ৰোগৰ সাধাৰণ লক্ষণ ৷ যদি আপুনি কাহৰ লগতে হাওঁফাওঁৰ সমস্যাও অনুভৱ কৰিছে তেন্তে ই কেন্সাৰৰ লক্ষণ হ’ব পাৰে ৷ ডব্লিউ এইচ অ’ৰ তথ্য অনুসৰি হাওঁফাওঁৰ কৰ্কট ৰোগৰ মূল লক্ষণসমূহ হ’ল স্থায়ী কাহ, বুকুৰ বিষ, উশাহ-নিশাহ লোৱাত কষ্ট আদি ৷

এনেদৰে দেখা দিয়ে লক্ষণসমূহ

আমেৰিকান কেন্সাৰ ছ’চাইটিয়ে কাহৰ সৈতে জড়িত কেন্সাৰৰ লক্ষণসমূহ এনেদৰে তালিকাভুক্ত কৰিছে যাৰ ভিতৰত আছে-

  • যি কাহ নকমে বা সময়ৰ লগে লগে আৰু বাঢ়ি যায়
  • কাহ, গভীৰ উশাহ, বা হাঁহিৰ লগে লগে যদি হাওঁফাওঁৰ বিষ বাঢ়ি যায়
  • তেজ বা মামৰৰ দৰে ৰঙৰ কফ ওলোৱা
  • হাওঁফাওঁৰ পুনৰাবৃত্তিমূলক সংক্ৰমণ
  • অকাৰণে ওজন কমি যোৱা আৰু ভাগৰুৱা অনুভৱ হোৱা

এই লক্ষণসমূহে কেন্সাৰৰ আগতীয়া সতৰ্কবাণীও দিব পাৰে ৷ CDCৰ ৰিপৰ্ট অনুসৰি Coughing that doesn’t go away আৰু Chest pain হাওঁফাওঁৰ কৰ্কট ৰোগৰ সাধাৰণ লক্ষণ ৷ ক্লিভলেণ্ড ক্লিনিকৰ মতে, কিছুমান ক্ষেত্ৰত হাওঁফাওঁৰ ওপৰৰ অংশত হোৱা পেনকোষ্ট টিউমাৰে প্ৰথম অৱস্থাত কাহতকৈ অধিক কান্ধ, পিঠিৰ ওপৰৰ অংশ বা বাহুত বিষৰ সৃষ্টি কৰে ৷ এই বিষ ৰাতি বেছি হ’ব পাৰে আৰু লগতে বাহুত দুৰ্বলতা বা জিনজিননিও অনুভৱ হ’ব পাৰে ৷ গতিকে কাহৰ সৈতে কান্ধ বা কঁকালৰ বিষ যদি স্থায়ী হয় তেন্তে পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ ৷

প্ৰত্যেক ধৰণৰ কাহেই কৰ্কট ৰোগৰ কাৰণ নেকি ?

এতিয়া আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল কোনবিধ কাহ কেন্সাৰ আৰু কোনবিধ নহয় কেনেকৈ চিনাক্ত কৰিব পাৰি ৷ বেছিভাগ কাহ সংক্ৰমণ, এলাৰ্জী বা প্ৰদূষণৰ লগত জড়িত ৷ পাৰ্থক্যটো হ’ল কৰ্কট ৰোগৰ কাহ তিনি সপ্তাহতকৈ বেছি দিন থাকে আৰু ক্ৰমান্বয়ে আন লক্ষণ যেনে তেজত ওলোৱা, উশাহ ফুলা বা উশাহ লোৱাত কষ্ট, ওজন কমি যোৱা আদি লক্ষণো দেখা দিয়ে ৷ তিনি সপ্তাহতকৈ অধিক দিনলৈ কাহ হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই জৰুৰী ৷

লগতে পঢ়ক

  1. কাহ-বুকুৰ বিষ-উশাহৰ সমস্যা হৈছে নেকি ? এয়া কি ৰোগৰ লক্ষণ জানেনে
  2. চৰ্দি বা কাহৰ পিছত কিয় মাত বহি যায় ? জানো আহক ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ...
  3. ধূলি-বালিৰ সংস্পৰ্শত থকাসকলে কেনেকৈ নিজকে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ পৰা ৰক্ষা কৰিব ?