চৰ্দি বা কাহৰ পিছত কিয় মাত বহি যায় ? জানো আহক ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ...
চৰ্দি হ’লে প্ৰায়ে আমাৰ মাতটো সলনি হয়, এনে হোৱাৰ কাৰণ কি বাৰু ৷ এই প্ৰতিবেদনত এই কথাটো সহজভাৱে বুজিবলৈ চেষ্টা কৰো আহক-

Published : October 13, 2025 at 2:46 PM IST
আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে যেতিয়া আপোনাৰ চৰ্দি লাগে, তেতিয়া আপোনাৰ মাতটো হঠাতে ভাঙি যায় ৷ যেন আপোনাৰ ডিঙিৰ পৰা আন কাৰোবাৰ মাত ওলাইছে নহয় জানো ? দৰাচলতে এইটো কোনো সাধাৰণ কথা নহয়, বৰঞ্চ শৰীৰৰ ভিতৰত চলি থকা এক আচৰিত প্ৰক্ৰিয়াৰ ফলতহে এনে হোৱা দেখা যায় ৷
ডিঙিৰ প্ৰদাহে ইয়াৰ প্ৰধান কাৰণ
যেতিয়া চৰ্দি বা ভাইৰাছৰ সংক্ৰমণে শৰীৰক আগুৰি ধৰে, তেতিয়া ইয়াৰ প্ৰভাৱ কেৱল নাক আৰু ডিঙিতে সীমাৱদ্ধ নাথাকে ৷ শব্দ উৎপন্ন কৰা কণ্ঠস্বৰ বা কণ্ঠতন্ত্ৰবোৰো প্ৰভাৱিত হয় ৷ আপোনাৰ ডিঙিত থকা এই কণ্ঠস্বৰবোৰে ইয়াৰ মাজেৰে বতাহ পাৰ হৈ যোৱাৰ লগে লগে কম্পন কৰি শব্দৰ সৃষ্টি কৰে ৷ যেতিয়া ইহঁত প্ৰদাহ হয় ৷ যিটো চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা লেৰিঞ্জাইটিছ বুলি জনা যায় ৷ যেতিয়া ডাঠ আৰু গধুৰ হৈ পৰে ৷ ফলত ইহঁতৰ কম্পন লেহেমীয়া হয়, যাৰ ফলত আপোনাৰ মাতটো গভীৰ হয় বা হুৰহুৰাই শব্দ হ’বলৈ ধৰে ৷

কফেও প্ৰভাৱ পেলায়
চৰ্দিৰ সময়ত ডিঙিত জমা হোৱা কফেও আপোনাৰ মাত সলনি কৰিব পাৰে ৷ এই স্তৰে কণ্ঠতন্ত্ৰক আৱৰণ দিয়ে, যাৰ ফলত ইহঁতে মুক্তভাৱে কম্পন কৰিব নোৱাৰে ৷ মাতত হুৰহুৰাই বা বেলেগ সুৰ হোৱাৰ এটা প্ৰধান কাৰণ ৷ কেতিয়াবা চৰ্দি কম হোৱাৰ পিছতো যদি কফ বেছি সময় থাকে তেন্তে মাতটো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ বেছি সময় লাগিব পাৰে ৷

কাহ হ’লে সমস্যা বৃদ্ধি পায়
ডিঙিৰ বিষ হ’লে আমি প্ৰায়ে কাহ বা ডিঙি পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰোঁ ৷ কিন্তু এই অভ্যাসে ইয়াৰ বিপৰীত প্ৰভাৱ পেলাব পাৰে ৷ এনে কৰিলে কণ্ঠতন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি পায় আৰু টান হয় ৷ ফলত মাতটো অধিক ভাগৰুৱা বা হুৰহুৰাই শব্দ কৰিবলৈ আৰম্ভ কৰে ৷

মাতটো কিয় হুৰহুৰাই শুনা যায় ?
কণ্ঠতন্ত্ৰ ফুলিলে ইয়াৰ আকাৰ আৰু ডাঠতা বাঢ়ি যায় ৷ এইটো গীটাৰৰ ডাঠ ষ্ট্ৰিংবোৰে কেনেকৈ গভীৰ শব্দ উৎপন্ন কৰে তাৰ দৰেই ৷ অৰ্থাৎ ফুলি উঠা কণ্ঠতন্ত্ৰবোৰ অধিক লাহে লাহে কম্পন কৰে যাৰ ফলত ইয়াৰ কম্পাংক কমি যায়, সেয়ে কথা কোৱাৰ সময়ত হুৰহুৰাই শব্দ হয় ৷

সকাহ লাভ কৰাৰ সহজ উপায়
- হুৰহুৰণি সোনকালে ভাল কৰিবলৈ আপুনি কিছুমান ফলপ্ৰসূ পৰামৰ্শ অনুসৰণ কৰিব পাৰে :
- গোটেই দিনটো প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু সম্ভৱ হ’লে ৰুম হিউমিডিফায়াৰ ব্যৱহাৰ কৰিব লাগে ৷ ইয়াৰ ফলত ডিঙিৰ প্ৰদাহ কমি যায় আৰু শ্লেষ্মা পাতল হয় ৷
- ডিঙিটো জিৰণি দিয়াটো অতি গুৰুত্বপূৰ্ণ ৷ আনকি সৰুকৈ কথা ক’লে বা ফুচফুচালেও কণ্ঠস্বৰ ভাগৰুৱা হৈ পৰিব পাৰে, গতিকে কিছু সময়ৰ বাবে সম্পূৰ্ণ নিমাত থকাটোৱেই উত্তম ৷
- যদি দুসপ্তাহৰ পৰা তিনিসপ্তাহৰ পিছতো আপোনাৰ মাতটো ভাল নহয়, তেন্তে ই গভীৰ সমস্যাৰ লক্ষণ হ’ব পাৰে, যেনে কণ্ঠতন্ত্ৰত চিষ্ট বা এচিড ৰিফ্লাক্স ৷
উৎস
লগতে পঢ়ক

