ষ্ট্ৰীট লাইব্ৰেৰীৰে গ্ৰন্থ বিপ্লৱ: কিতাপৰ দ্বাৰা সমাজ গঢ়াৰ নীৰৱ প্ৰচেষ্টা এগৰাকী মহিলাৰ
ভাৰত-চীন আৰু ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী ৰাজ্য অৰুণাচল প্ৰদেশৰ এক জীয়া কাহিনী । এগৰাকী মহিলাৰ গ্ৰন্থ আন্দোলনে দৃষ্টি আকৰ্ষণ কৰিছে সৰ্বসাধাৰণৰ ৷

Published : April 23, 2026 at 8:00 PM IST
প্ৰণৱ কুমাৰ দাস
তেজপুৰ: ২৩ এপ্ৰিল দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয় গ্ৰন্থ দিৱস হিচাপে । এই বিশেষ দিনটোত সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশৰ পৰা আৰম্ভ হোৱা এক নীৰৱ কিন্তু শক্তিশালী আন্দোলনৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ । এগৰাকী মহিলাৰ প্ৰচেষ্টাত কেনেকৈ কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি উঠিছে সেয়া জানিলে অভিভূত হ’ব আপুনিও ৷
ভাৰত-চীন আৰু ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী ৰাজ্য অৰুণাচল প্ৰদেশৰ কাহিনী এয়া । এগৰাকী মহিলাৰ এই আন্দোলনে সৰ্বসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ কোনো বৃহৎ প্ৰতিষ্ঠানে নহয়, বৰং এগৰাকী দৃঢ় সংকল্পবদ্ধ ৩৯ বছৰীয়া শিক্ষয়িত্ৰী ঙুৰাং মীনা (Ngurang Meena)ৰ নিৰলস প্ৰচেষ্টা গঢ়ি উঠিছে এই গ্ৰন্থ বিপ্লৱ ।

অৰ্থনীতিৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত মীনাই ২০১৭ চনৰ পৰাই নিজৰ শিক্ষাৰ্থীসকলৰ মাজত মৌলিক পঢ়া-লেখাৰ সমস্যাসমূহ প্ৰত্যক্ষ কৰিছিল । সেই বিষয়টোৱে তেওঁক ভবাই তুলিছিল, পৰৱৰ্তী সময়ত চিন্তা এক মহৎ পদক্ষেপত পৰিণত হয় ।
ক'ভিড মহামাৰীৰ সংকটকালত মিজোৰামত আৰম্ভ হোৱা সমাজভিত্তিক “ষ্ট্ৰীট লাইব্ৰেৰী”ৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ ২০১৪ চনত প্ৰতিষ্ঠা কৰা এনজিঅ’ “Ngurang Learning Institute”ৰ জৰিয়তে এই অভিযান আৰম্ভ কৰে, যাৰ লক্ষ্য স্কুল ত্যাগ কৰা আৰু বঞ্চিত সমাজখনক জ্ঞানৰ পথেৰে আগবঢ়াই নিয়া ।
পথৰ দাঁতিত গ্ৰন্থ অধ্যয়ন
ইটিভি ভাৰতৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত ঙুৰাং মীনাই কয় যে সমাজৰ সহায়ত এই অভিযান এতিয়া ধীৰে ধীৰে ৰাজ্যখনত বিস্তাৰ লাভ কৰিছে । “এতিয়ালৈকে আমি অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত, বিশেষকৈ কুৰুং কুমেই আৰু তিৰাপৰ দৰে দুৰ্গম জিলাত মুঠ ২৫ টা ষ্ট্ৰীট লাইব্ৰেৰী স্থাপন কৰিছো,” তেওঁ কয় ।

ছাত্ৰ-ছাত্ৰীয়ে এই উদ্যোগক যথেষ্ট সমাদৰ জনাইছে । বহুতেই কয় যে বিনামূলীয়াকৈ কিতাপ পঢ়াৰ সুযোগে তেওঁলোকক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ আৰু শৈক্ষিক ফলাফল উন্নত কৰিবলৈ সহায় কৰিছে । এতিয়া উদ্যান আৰু ৰাজহুৱা স্থানবোৰ ধীৰে ধীৰে পঢ়াৰ স্থানলৈ ৰূপান্তৰিত হৈছে । প্ৰতিটো এনে গ্ৰন্থাগাৰত ৫০-১০০ আত্মজীৱনীমূলক গ্ৰন্থ, উপন্যাস আৰু শিশুৰ বাবে দক্ষতা বিকাশমূলক কিতাপসমূহ, প্ৰাপ্তবয়স্কসকলৰ বাবে নেতৃত্ব আৰু উদ্যমিতা বিষয়ক কিতাপসমূহ ৰখা হৈছে ।
যাত্ৰা পথৰ বাধাসমূহ
সফলতাৰ মাজতো কিছুমান সমস্যাই উদ্যোগটোক প্ৰভাৱিত কৰিছে । মীনাই কয় যে সমাজৰ সমৰ্থন থাকিলেও কেতিয়াবা কিতাপ চুৰি হোৱা দৰে ঘটনাও ঘটিছে । তেওঁৰ মতে, নিম্ন সাক্ষৰতা আৰু সচেতনতাৰ অভাৱ এই ক্ষেত্ৰত ডাঙৰ বাধা । “শৈক্ষিক পৰিৱেশ সৃষ্টিৰ বাবে সমাজ আৰু চৰকাৰে একেলগে কাম কৰিব লাগিব ৷” তেওঁ মন্তব্য কৰে ।

শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ অধ্যয়নৰ সুবিধা
এই প্ৰতিষ্ঠানে প্ৰাপ্তবয়স্কৰ বাবেও শিক্ষাৰ ব্যৱস্থা আৰম্ভ কৰিছিল ৷ যিসকলে বিভিন্ন সামাজিক বাধাৰ বাবে শিক্ষাৰ দিশত আগবঢ়াব নোৱাৰিলে, তেওঁলোকৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ কিন্তু পৰিকাঠামো আৰু সম্পদৰ অভাৱত এই পাঠ্যক্ৰম বৰ্তমান স্থগিত আছে, বিশেষকৈ মীনা কিমিনত নিয়োজিত হোৱাৰ পিছত এই ক্ষেত্ৰত যতি পৰিছে ।

জীৱন আৰু লক্ষ্যৰ মাজত সামঞ্জস্য
Mount Carmel College, Bangaloreৰ পৰা স্নাতক আৰু Rajiv Gandhi University ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী মীনাই নিজৰ পেছাগত আৰু ব্যক্তিগত জীৱন দুয়োটাতে সুন্দৰকৈ সমন্বয় সাধন কৰিছে । ২০২৪ চনত মাতৃ হোৱাৰ পিছত উদ্যোগটোৰ গতি অলপ ধীৰ হ’লেও, তেওঁ শীঘ্ৰে পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ।

কঠোৰ বাস্তৱ
তেওঁ উল্লেখ কৰে যে ৰাজ্যত প্ৰতি ২০ মিটাৰ দূৰত এখন সুৰাৰ দোকান সহজে পোৱা যায় ৷ কিন্তু কিতাপৰ দোকান অতি দুৰ্লভ । বহু সময়ত কিতাপ বিচাৰি দূৰলৈ যাত্ৰা কৰিব লাগে, আৰু ৰাজ্যিক লাইব্ৰেৰীসমূহো সুবিধাৰ অভাৱত ব্যৱহাৰ নোহোৱাকৈ পৰি আছে ।

বিশ্ব গ্ৰন্থ দিৱসত বাৰ্তা
এই বিশেষ দিনটোত নিজৰ বাৰ্তাত মীনাই কয়, “প্ৰতিদিনে মাত্ৰ ১৫ মিনিট কিতাপ পঢ়ক, আপুনি নিজেই লক্ষ্য কৰিব যে আপোনাৰ পৃথিৱী সলনি হৈ গৈছে ।”

ভৱিষ্যৎ সলনি কৰা সপোন
ঙুৰাং মীনাৰ ষ্ট্ৰীট লাইব্ৰেৰী অভিযান হৈছে এখন কিতাপৰ জৰিয়তে অৰুণাচল প্ৰদেশত সাক্ষৰতাৰ হাৰ উন্নত কৰা আৰু পঠন সংস্কৃতি পুনৰুজ্জীৱিত কৰাৰ এক জোৰদাৰ আন্দোলন ।
লগতে পঢ়ক:
বিশ্ব গ্ৰন্থ দিৱস ২০২৬: ইয়াৰ ইতিবৃত্ত আৰু গুৰুত্ব
ডিমৰীয়া মহাবিদ্যালয়ৰ ৪০ হাজাৰৰো অধিক গ্ৰন্থৰে সমৃদ্ধ পুথিভঁৰালত নতুন প্ৰজন্মৰ ভিৰ
মুম্বাইৰ কিতাপখানা: পঠন সংস্কৃতি জীয়াই ৰখাৰ ১৫ বছৰীয়া নিৰলস সাধনা

