ভোটাৰৰ সুবিধাৰ্থে নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিলে অসমত চলি থকা SR প্ৰক্ৰিয়াত জড়িত BLO ৰ তথ্য
নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি BLO ৰ তথ্য অসমৰ মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ ৱেবছাইটত উপলব্ধ ।

Published : November 30, 2025 at 10:13 AM IST
নতুন দিল্লী: অসমত চলি থকা ভোটাৰ তালিকাৰ 'বিশেষ পুনৰীক্ষণ' (SR)ৰ মাজতে ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটাৰৰ সুবিধাৰ্থে ৰাজ্যজুৰি চলি থকা অভিযানত জড়িত বুথ পৰ্যায়ৰ বিষয়া (BLO)ৰ বিষয়ে তথ্য প্ৰকাশ কৰে । মন কৰিবলগীয়া যে অসমত এছ আই আৰ চলোৱা হোৱা নাই, বৰঞ্চ, অসমত পুংখানুপুংখ পুনৰীক্ষণ হোৱা নাই বাবে কৰা হৈছে 'বিশেষ পুনৰীক্ষণ'(SR) ।
অসমত ভোটাৰ লিষ্টৰ বিশেষ পুনৰীক্ষণৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল ২২ নৱেম্বৰৰ পৰা । এই অনুশীলনৰ অংশ হিচাপে বৰ্তমান ৰাজ্যজুৰি বিএলঅ’য়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰত্যেকজন লোকৰ ঘৰে ঘৰে গৈ ভোটাৰ পৰীক্ষণ চলাই আছে । অসমৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশৰ পিছতে এই বিশেষ পুনৰীক্ষণ কৰা হৈছে । ইয়াৰ বাবে যোগ্যতাৰ তাৰিখ ১ জানুৱাৰী, ২০২৬ হিচাপে নিৰ্ধাৰণ কৰা হৈছে । ৰাজ্যৰ মুঠ ২,৫২,০২,৭৭৫ জন ভোটাৰক এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হ’ব ।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যত মুঠ ২৯,৬৫৬ গৰাকী বিএলঅ’ এই কামত নিয়োজিত হৈ আছে । বি এল অ’ হৈছে স্থানীয় চৰকাৰী বা অৰ্ধচৰকাৰী বিষয়া, যিয়ে স্থানীয় ভোটাৰক চিনি পায় । সাধাৰণতে একেটা ভোটগ্ৰহণ এলেকাত থকা ভোটাৰক চিনি পায় । তেওঁলোকে নিজৰ স্থানীয় বিশেষজ্ঞতা ব্যৱহাৰ কৰি ভোটাৰ তালিকা আপডেট কৰাত সহায় কৰে ।
তেওঁলোকে তৃণমূল পৰ্যায়ত নিৰ্বাচন আয়োগৰ প্ৰতিনিধি হিচাপেও কাম কৰে, এই প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তেওঁলোকৰ নিযুক্ত ভোটগ্ৰহণ এলেকাৰ বাবে ভোটাৰ তালিকাৰ সৈতে জড়িত সঠিক ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহ কৰে ।
অসমৰ বিশেষ পুনৰীক্ষণৰ কথা উল্লেখ কৰি নিৰ্বাচন আয়োগৰ সূত্ৰই শনিবাৰে ইটিভি ভাৰতক জনাই,"বিশেষ পুনৰীক্ষণত নিয়োজিত বিএলঅ'ৰ তথ্য ৰাজহুৱা কৰা হৈছে । ভোটাৰৰ সুবিধাৰ্থে এই কাম কৰা হৈছে ।" সূত্ৰটোৱে জনাই যে বিএলঅ’ৰ সবিশেষ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ৱেবছাইটত উপলব্ধ । সূত্ৰটোৰ মতে,"অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ বিএলঅ'ৰ সবিশেষ ৱেবছাইটত উপলব্ধ ।"
নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱা মতে, যিকোনো ভোটাৰে নিজৰ বিএলঅ’ৰ সবিশেষ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব । তেওঁলোকে লগতে কয়,"অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত ভোটাৰসকলে সন্মুখীন হ'ব পৰা যিকোনো সমস্যা সমাধানৰ বাবে এই তথ্য ব্যৱহাৰ কৰিব পাৰিব ।"
নিৰ্বাচন আয়োগেও পূৰ্বৰ ভোটাৰ তালিকাখন জনসাধাৰণৰ সুবিধাৰ বাবে উপলব্ধ কৰিছে বুলি উল্লেখ কৰে । নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱা মতে,"অসমত সুকলমে বিশেষ পুনৰীক্ষণৰ কাম চলি আছে । বৰ্তমানলৈ কোনো সমস্যা নাই ।" চলি থকা বিশেষ পুনৰীক্ষণৰ অংশ হিচাপে বিএলঅ’সমূহক পূৰ্বতে পূৰণ কৰা বিএলঅ’ পঞ্জীয়ন প্ৰদান কৰা হৈছে ।
ইয়াৰ ভিতৰত ঘৰে ঘৰে পৰীক্ষণৰ বাবে নিজৰ নিৰ্দিষ্ট এলেকাৰ বৰ্তমানৰ ভোটাৰৰ তথ্যও অন্তৰ্ভুক্ত হৈ আছে । নিৰ্বাচন আয়োগে ঘোষণা কৰা বিশেষ পুনৰীক্ষণ সূচী অনুসৰি অহা ২৭ ডিচেম্বৰত প্ৰকাশ পাব নিৰ্বাচনী তালিকাৰ খচৰা ।
ইয়াৰ পূৰ্বে ৰাজ্যিক নিৰ্বাচন আয়োগে বিশেষকৈ দাবী আৰু আপত্তি দাখিল কৰাৰ সময়ছোৱাত পুনৰীক্ষণ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল । দাবী আৰু আপত্তি দাখিলৰ সময়সীমা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হৈ আৰু ২২ জানুৱাৰীলৈকে চলিব । ২ ফেব্ৰুৱাৰীৰ ভিতৰত দাবীসমূহ পূৰণ কৰিব লাগিব ।
ৰাজ্যিক নিৰ্বাচন আয়োগে কয়,"স্বচ্ছতা নিশ্চিত কৰিবলৈ ই আৰ অ'ৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীলৰ ব্যৱস্থা কৰা হৈছে । ই আৰ অ'ৰ যিকোনো সিদ্ধান্তৰ বিৰুদ্ধে জিলা দণ্ডাধীশৰ ওচৰত আপীল কৰিব পাৰি আৰু প্ৰথম আপীল বিষয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে, দ্বিতীয়বাৰৰ বাবে আপীল নিৰ্ধাৰিত সময়ৰ ভিতৰত আৰু নিৰ্ধাৰিত পদ্ধতিৰে অসমৰ মুখ্য কাৰ্যবাহী বিষয়াৰ আগত দাখিল কৰিব পাৰিব ।" ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা ।

