অসমত SIR নহয়, SRহে আৰম্ভ: মুখ্য নিৰ্বাচন বিষয়াৰ ঘোষণা
SIR নহয় SRহে আৰম্ভ হৈছে অসমত । ফেব্ৰুৱাৰী মাহৰ শেষত ঘোষণা হ'ব অসমৰ বিধানসভা নিৰ্বাচনৰ দিন ।

Published : November 18, 2025 at 5:55 PM IST
গুৱাহাটী: ২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ শেষত ঘোষণা কৰা হ'ব অসমৰ বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে আন কেইবাখনো নিৰ্বাচনমুখী ৰাজ্যৰ দৰে অসমত SIR নহয় ৷ ৰাজ্যজুৰি আৰম্ভ হৈছে SRহে (Special Revision) ৷ অৰ্থাৎ অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী ।
চলিব ২০১৬ৰ দিছপুৰত অসম নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে মঙলবাৰে সংবাদমেলত ঘোষণা কৰে এই কথা । লগতে অসমত কিদৰে NRCৰ বাবে SIR নহয়, তাৰ পৰিৱৰ্তে হ’ব SRহে আৰম্ভ হৈছে আৰু অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ সবিশেষ সদৰী কৰিলে ৰাজ্যিক নিৰ্বাচন বিষয়াগৰাকীয়ে ।
মুখ্য ৰাজ্যিক নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি অসমত আজিৰে পৰা আৰম্ভ হ’ল SR ৷ সন্মুখৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হোৱা নিৰ্বাচন আয়োগে মঙলবাৰে এইটো স্পষ্ট কৰি দিয়ে যে অসমত এইটো SIR নহয়, SRহে হ’ব ৷ মুখ্য নিৰ্বাচন বিষয়া গোৱেলে জনায়, "১ জানুৱাৰী ২০২৬ লৈ যোগ্য ভোটাৰৰ নাম সন্নিবিষ্ট হ'ব ভোটাৰ তালিকাত ৷ এইটো SIR নহয়, SR হে ৷ BLO সকল ঘৰে ঘৰে যাব, ঘৰত ভোটাৰৰ অৱস্থিতি আছে নে নাই BLO সকলে পৰীক্ষা কৰিব ৷”
ভোটাৰ তালিকত মৃত ব্যক্তিৰ নাম আৰু বহিঃৰাজ্যৰ ভোটাৰ তালিকাতো নাম থকাসকলৰ ক্ষেত্ৰত SRত কি পদক্ষেপ হ’ব ? লগতে, সেয়াও জনালে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া গোৱেলে,"ভোটাৰ তালিকাত নাম আছে অথচ মানুহজনৰ মৃত্যু হৈছে, তেন্তে ফৰ্ম ৭ সংযোগ হ'ব ৷ বিপৰীতে কোনো লোক যদি অসমৰ, অথচ বহিঃৰাজ্যত ভোটাৰ তালিকাত নাম আছে, তেনে ক্ষেত্ৰত ফৰ্ম-৮ সংযোগ কৰি নাম কৰ্তন হ’ব ৷"
যদিহে SRৰ কালত এঘৰ মানুহৰ ঘৰত এবাৰ মানুহ নাপালে তিনিবাৰকৈ ঘৰলৈ যাব BLO ৷ আনহাতে নিৰ্বাচন আয়োগে এপযোগে সংগ্ৰহ কৰিব ভোটাৰৰ সকলো তথ্য । এই কথাও স্পষ্ট কৰিলে নিৰ্বাচনী বিষয়া গোৱেলে । ১৮ বছৰৰ ওপৰৰ সকলো ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সুবিধা দিয়া হ’ব ।
নিৰ্বাচন বিষয়া গৰাকীয়ে লগতে সদৰী কৰে যে এটা ভোট কেন্দ্ৰত ১২০০ৰ অধিক ভোটাৰ থাকিব নোৱাৰিব ৷ সেয়ে অসমৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি ১,৮২৬ টা ভোট কেন্দ্ৰ বঢ়াৰ সম্ভাৱনা । জিলা পৰ্যায়ত এই বিষয়ত নাম পৰীক্ষণ চলি আছে ৷ আনহাতে, সদ্যহতে তিনিবাৰকৈ BLO যোৱাৰ পিছতো ফেব্ৰুৱাৰী মাহলৈ ভোটাৰ তালিকাত নাম উঠাব পাৰিব নাগৰিকে । ফেব্ৰুৱাৰী মাহলৈ ভোটাৰ তালিকাত নাম উঠাব পাৰিব যদিও SR জৰিয়তে ভোটাৰ তালিকাত নাম উঠাবলৈ চেষ্টা কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান অনুৰাগ গোৱেলৰ ।
লগতে ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াজনে অহা ২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে । বিষয়াগৰাৰীয়ে কয়,"ফেব্ৰুৱাৰী মাহৰ পিছত নিৰ্বাচনৰ দিন ঘোষণা হ'ব পাৰে ৷ কোনো লোকৰ অভিযোগ থাকিলে জিলা আয়ুক্তক অভিযোগ দিব পাৰিব ৷ অভিযোগ দাখিলৰ সময় খচৰা তালিকা প্ৰকাশৰ ১৫ দিনৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে ৷” নিৰ্বাচন বিষয়াগৰাকীয়ে লগতে কয়, "জিলা আয়ুক্ত পৰ্যায়ত অভিযোগ নিস্পত্তি নহ’লে CEO ওচৰত অভিযোগ দাখিল কৰিব পাৰিব ৰাইজে ৷"

