আজি ২৫ হেজাৰ কণ্ঠত অসমীয়া-বড়ো ভাষাত প্ৰাণ পাব জুবিনৰ মায়াবিনীয়ে
জুবিন বিহীনভাৱেই উদযাপন হৈছে শিল্পীগৰাকীৰ প্ৰথমটো ওপজাদিন ৷ কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত প্ৰিয় শিল্পীক শ্ৰদ্ধা নিবেদন কৰিবলৈ সমবেত বি টি চি চৰকাৰ ৷

Published : November 18, 2025 at 5:15 PM IST
কোকৰাঝাৰ: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক ওপজা দিন ৷ কিন্তু নিজৰ ওপজা দিনটো পৰিয়াল, অনুৰাগীৰ সৈতে পালন কৰিবলৈ শিল্পীগৰাকী আজি আমাৰ মাজত কায়িকভাৱে নাই ৷ জুবিন বিহীনভাৱেই উদযাপন হৈছে প্ৰথমটো ওপজাদিন ৷
কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনটোত বি টি চি চৰকাৰে প্ৰিয় শিল্পীগৰাকীক জনাই সশ্ৰদ্ধ প্ৰণাম ৷ ইতিমধ্যে জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰিবলৈ বি টি চি চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ পদক্ষেপ ৷ তাৰ ভিতৰত আছে জুবিন গাৰ্গৰ নামত উদ্যান স্থাপনৰ বাবে আধাৰশিলা স্থাপন, ৰক্তদান শিবিৰকে ধৰি বিভিন্ন পদক্ষেপ ৷
উল্লেখ্য যে, বি টি চিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ চহৰত জুবিন গাৰ্গৰ নামত ৩০ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব এখন উদ্যান । বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মঙলবাৰে প্ৰয়াত শিল্পীগৰাকীৰ ওপজাদিনৰ লগত সংগতি ৰাখি স্থাপন কৰে জুবিন গাৰ্গ সোঁৱৰণী উদ্যানৰ আধাৰশিলা আৰু ৰোপণ কৰে নাহৰৰ পুলি । প্ৰিয় বন্ধু জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ আন বহু পৰিকল্পনা হাতত লোৱা বুলি জানিবলৈ দিয়ে বি টি চি প্ৰধানগৰাকীয়ে ৷

তাৰপিছতে মহিলাৰীয়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শিল্পীগৰাকীৰ নামত উৎসৰ্গিত জীৱন সুৰভি নামৰ ৰক্তদান শিবিৰটো মুকলি কৰি প্ৰথমজন ৰক্তদাতা হিচাপে ৰক্তদান কৰে ।

মঙলবাৰে শিল্পী জুবিন গাৰ্গৰ ওপজাদিনৰ লগত সংগতি ৰাখি এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে বি টি চি চৰকাৰে ৷ বড়োভূমিৰ পাঁচখন জিলাৰ পৰা অহা ২৫ হাজাৰ শিল্পী তথা অনুৰাগীয়ে আজি সন্ধিয়া একেলগে অসমীয়া আৰু বড়ো ভাষাত পৰিবেশন কৰিব জুবিন গাৰ্গৰ ‘‘মায়াবিনী ৰাতিৰ বুকুত’’ শীৰ্ষক গীতটি ।

সমগ্ৰ অনুষ্ঠান সন্দৰ্ভত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, ‘‘আজি আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ 53 সংখ্যক জন্মদিন উপলক্ষে যি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী, সেইটো শেষ কৰিলো ৷ ইয়াৰ পিছত আমি চীফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত যিটো গোটেই অসমত ৰক্তদান কাৰ্যসূচী হৈছিল , তাক অনুষ্ঠিত কৰিলো ৷ জুবিন গাৰ্গৰ নামত হ’বলগীয়া উদ্যান আৰু প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰিলো ৷ শেষত গছ ৰোৱা কাৰ্যসূচীও কৰিলো ৷ ক’বলৈ এয়াই যে আমি কেতিয়াও তেওঁক পাহৰি যাব নোৱাৰো ৷ বিটিচিবাসীয়ে বিচৰাৰ দৰে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ আধাৰশিলা স্থাপন কৰিলো ৷ গোটেইখিনি অনুষ্ঠান ভালদৰে হৈ গ’ল ৷ বাকী সন্ধিয়া আমাৰ অনুষ্ঠান আছে
৷’’
লগতে পঢ়ক: কাহিলীপাৰাৰ বকুল জোপাৰ কাষতে উন্মোচন প্ৰাণৰ শিল্পীৰ আবক্ষ মূৰ্তি

