ETV Bharat / entertainment

গায়ন-বায়ন, দিহানাম, জিকিৰ-জাৰিৰে কলিয়াবৰত জুবিনৰ জন্মদিনত ভক্তিময় পৰিৱেশ

কুঁৱৰীটোলত "Zubeen Greens" নামেৰে ৪ বিঘা চৰকাৰী ভূমি জুবিন গাৰ্গৰ চৰ্চাৰ বাবে উৎসৰ্গা কৰিলে মন্ত্ৰী কেশৱ মহন্তই ।

zubeen-garg-53rd-birthday-celebration-at-kaliabor-minister-keshab-mahanta-dedicates-4-bighas-of-government-land
জুবিনবিহীন প্ৰথমটো জন্মদিন (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 18, 2025 at 4:00 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ : প্ৰয়াত শিল্পীগৰাকীৰ ওপজা দিনটো কলিয়াবৰৰ ১২২ টা জাতীয় সংগঠনৰ উদ্যোগত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ ব্যৱস্থাপনাত কলিয়াবৰৰ কুঁৱৰীটোলত উদযাপন কৰা হৈছে "জাতীয় স্বাভিমান দিৱস" হিচাপে । ৫৩ টা নাহৰ গছৰ পুলি ৰোপণেৰে অসমৰ সংগীত আকাশৰ ধ্ৰুৱতৰা জুবিন গাৰ্গৰ ওপজা দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৫৩টা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে ।

এই সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই কয়, “জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত প্ৰথমটো ওপজা দিনত আজি কলিয়াবৰবাসীয়ে কলিয়াবৰৰ ১২২টা বিভিন্ন জাতীয় দল-সংগঠন, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান একত্ৰিত হৈ যি কাৰ্যসূচীৰ আয়োজন কৰিলে আমি প্ৰত্যেকেই প্ৰত্যক্ষ কৰিছোঁ । জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনৰ দিনা ৫৩ টা নাহৰ গছৰ পুলি ৰোপণৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে । গায়ন-বায়ন, আইসকলৰ দিহানামৰ লগতে গীত-মাতেৰে সোঁৱৰণ কৰা হৈছে । আজি কলিয়াবৰৰ বাবে এক উল্লেখনীয় দিন, আজিৰ এই দিনটোতে জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে এই অনুষ্ঠান পালনৰ স্থানক 'জুবিন গ্ৰীণছ্’ নামেৰে কলিয়াবৰীয়া ৰাইজলৈ উৎসৰ্গা কৰা হৈছে । যাতে নতুন প্ৰজন্মই জুবিনৰ প্ৰেৰণাৰে জুবিনক আমাৰ মাজত জীয়াই ৰাখে । ই কলিয়াবৰবাসীয়ে নতুন প্ৰজন্মলৈ দিয়া এক উপহাৰ ।”

জুবিনৰ জন্মদিনত ভক্তিময় পৰিৱেশ (ETV Bharat Assam)

অনুষ্ঠানত 'ব্ৰহ্মা আদি কৰি জীৱ যত’ ঘোষা, পাঁচশ গায়ন-বায়নৰ মংগলাচৰণ, তিনি হাজাৰ আই মাতৃৰ দিহানাম, জিকিৰ-জাৰি, অসমীয়াৰ লগতে বড়ো, কাৰ্বি, বাগানীয়া নেপালী, বঙালী ভাষাত 'মায়াবিনী' আৰু জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গীতাংশ পৰিৱেশন কৰা হয় । এই অনুষ্ঠানতে পৰিত্যক্ত হৈ থকা চৰকাৰী ভূমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ভৱিষ্যত প্ৰজন্মৰ বাবে উৎসৰ্গা কৰে মন্ত্ৰী কেশৱ মহন্তই । জন্মদিন উদযাপনত জুবিন গাৰ্গক যুগমীয়া কৰি ৰাখিবলৈ ভৱিষ্যত পৰিকল্পনাৰ বিষয়সমূহ যুগুতাই প্ৰকাশ কৰা হয় এক পুস্তিকা । প্ৰস্তাৱিত জুবিন গ্ৰীণছ সৃষ্টিয়ে চৰ্চাৰ এক বাট মুকলি কৰিব বুলি সকলোৱে আজিৰ অনুষ্ঠানত আশা প্ৰকাশ কৰে ৷ জুবিন গাৰ্গৰ বহুকেইটা যুগমীয়া গীত কলিয়াবৰৰ নৱপ্ৰজন্মৰ গায়ক-গায়িকাই পৰিৱেশন কৰাৰ লগতে উপস্থিত ৰাইজ আৰু গায়ক গায়িকাই পৰিৱেশন কৰে বড়ো, বঙালী, নেপালী, অসমীয়া ভাষাত 'মায়াবিনী' ।

zubeen-garg-53rd-birthday-celebration-at-kaliabor-minister-keshab-mahanta-dedicates-4-bighas-of-government-land
শ্ৰদ্ধাৰে জুবিনৰ টুপী কঢ়িয়াই লৈ আনি থকা অৱস্থাত মন্ত্ৰী কেশৱ মহন্ত (Photo : ETV Bharat Assam)

লগতে পঢ়ক : কাহিলীপাৰাৰ বকুল জোপাৰ কাষতে উন্মোচন প্ৰাণৰ শিল্পীৰ আবক্ষ মূৰ্তি