ETV Bharat / bharat

SIRৰ মাজতে বিভিন্ন ৰাজ্যৰ BLOৰ মৃত্যুৰ সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে নিৰ্বাচন আয়োগে

বি এল অ’সকল হৈছে স্থানীয় ভোটাৰক ভালদৰে চিনি পোৱা স্থানীয় চৰকাৰী বা অৰ্ধচৰকাৰী বিষয়া ।

SIR OF ELECTORAL ROLLS
ইচি সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীৰ সৈতে চিইঅ’ জ্ঞানেশ কুমাৰ (File photo (ANI))
author img

By ETV Bharat Assamese Team

Published : November 25, 2025 at 8:42 PM IST

6 Min Read
Choose ETV Bharat

সন্তু দাসৰ প্ৰতিবেদন

নতুন দিল্লী : বিভিন্ন ৰাজ্যত চলি থকা বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ সময়ত শেহতীয়াকৈ বুথ লেভেল বিষয়াৰ মৃত্যু সন্দৰ্ভত নিৰ্বাচন আয়োগে মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা প্ৰতিবেদন বিচাৰিছে ।

প’ল পেনেলে এছ আই আৰ পৰিচালনা কৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত আছে আন্দামান আৰু নিকোবৰ, ছত্তীশগড়, গোৱা, গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, লক্ষদ্বীপ, পশ্চিমবংগ, তামিলনাডু, কেৰালা, আৰু পুডুচেৰী ।

খবৰ অনুসৰি পশ্চিমবংগ, কেৰালা, মধ্যপ্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ এছ আই আৰত নিয়োজিত কেইবাজনো বি এল অ’ চলি থকা কচৰৎৰ ফলত হোৱা কৰ্মবোজাৰ চাপৰ বাবে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ই চি আইৰ তথ্য অনুসৰি ৯খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী তালিকাৰ চলি থকা এছ আই আৰত মুঠ ৫৩২,৮২৮ গৰাকী বি এল অ’ নিয়োজিত হৈ আছে ।

বি এল অ’ কোন ?

বি এল অ’ হ’ল স্থানীয় চৰকাৰী বা অৰ্ধচৰকাৰী বিষয়া যিয়ে স্থানীয় ভোটাৰক ভালদৰে চিনি পায় আৰু সাধাৰণতে একেটা ভোটগ্ৰহণ এলেকাৰ ভোটাৰ । এই ব্যক্তিজনে তেওঁলোকৰ স্থানীয় জ্ঞান ব্যৱহাৰ কৰি ভোটাৰ তালিকা আপডেট কৰাত সহায় কৰে । বি এল অ’সকলে তৃণমূল পৰ্যায়ত ভোটগ্ৰহণ পেনেলৰ প্ৰতিনিধি হিচাপে কাম কৰে, তালিকা সলনি প্ৰক্ৰিয়াত মূল ভূমিকা পালন কৰে আৰু তেওঁলোকৰ নিযুক্ত ভোটগ্ৰহণ এলেকাৰ বাবে ভোটাৰ তালিকাৰ সৈতে জড়িত সঠিক ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহ কৰে ।

১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১৩বি (২) ধাৰা অনুসৰি বি এল অ’সকলক চৰকাৰী, অৰ্ধচৰকাৰী বা স্থানীয় সংস্থাৰ বিষয়াৰ পদবী অনুসৰি নিযুক্তি দিয়া হয় । ভোটাৰ তালিকাৰ এটা অংশ তদাৰক কৰাৰ দায়িত্ব এজন বি এল অ’ক দিয়া হয় ।

বি এল অ’ই যোগ্য নাগৰিকসকলক ভোটদানৰ বাবে পঞ্জীয়ন কৰাত সহায় কৰে । ভোটাৰ তালিকাত প্ৰৱেশ, কৰ্তন কৰা, সংশোধন কৰাৰ বাবে বিভিন্ন প্ৰ-পত্ৰ প্ৰদান কৰে, ভৌতিক পৰীক্ষণ কৰে, নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’)ক প্ৰতিবেদন দাখিল কৰে ।

স্থানীয় বাসিন্দা আৰু ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সহযোগত বি এল অ’ই সঠিক আইনী পদ্ধতি অনুসৰণ কৰি নিৰ্বাচনী তালিকাৰ পৰা আঁতৰাবলগীয়া মৃত, স্থানচ্যুত বা নকল ভোটাৰক চিনাক্ত কৰে ।

চি ই অ'সকলে বিষয়টোৰ তদন্ত কৰি আছে

বিভিন্ন ৰাজ্যত বি এল অ’ৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰি, নিৰ্বাচনী তালিকাৰ এছ আই আৰৰ সৈতে জড়িত কৰ্তব্যৰ ফলত সৃষ্টি হোৱা কৰ্মৰ চাপৰ বাবে বি এল অ’ৰ মৃত্যুৰ বাতৰিৰ কথা উল্লেখ কৰি ই চি আইৰ সূত্ৰই ই টিভি ভাৰতক কয় যে ই চি আইয়ে সংশ্লিষ্ট মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’)ক বিষয়টো চাবলৈ কৈছে ।

তেওঁলোকে লগতে কয়, "চি ই অ'সকলে বিষয়টোৰ তদন্ত কৰি আছে । জিলা নিৰ্বাচনী বিষয়াৰ পৰা প্ৰতিবেদন বিচৰা হৈছে ।" সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত মুখ্য কাৰ্যবাহী বিষয়াসকলে বিষয়টো সন্দৰ্ভত নিজ নিজ ৰাজ্যিক প্ৰতিবেদন প’ল পেনেলত দাখিল কৰিব । তেওঁলোকে লগতে কয় যে ই চি আইয়ে বিষয়টো ভালদৰে চাব । ই চি আইৰ সূত্ৰই এই কথাও স্পষ্ট কৰি দিয়ে যে প’ল পেনেলে বি এল অ’সকলক তেওঁলোকৰ কৰ্তব্যৰ সুবিধাৰ বাবে অধিক সহায় আগবঢ়াবলৈ সাজু ।

বিশেষকৈ কেৰালাৰ চি ই অ’ ৰতন কেলকাৰে সোমবাৰে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা অডিঅ’ বাৰ্তা লক্ষ্য কৰি, য’ত এজন বি এল অ’ই ভোটাৰ তালিকাৰ এছ আই আৰৰ সৈতে জড়িত নিজৰ কৰ্তব্যৰ মানসিক চাপ প্ৰকাশ কৰিছিল, তেওঁৰ অভিযোগসমূহৰ সমাধানৰ বাবে বি এল অ’ৰ সৈতে মত বিনিময় কৰিছিল। ।

মত বিনিময়ৰ সময়ত এণ্টনি ভাৰ্গেজে বি এল অ’ হিচাপে নিজৰ কৰ্তব্য অব্যাহত ৰখাৰ ইচ্ছা প্ৰকাশ কৰে । প’ল পেনেলৰ মতে, তেওঁক ইচ্ছা কৰিলে এছ আই আৰৰ দায়িত্ব ত্যাগ কৰাৰ বিকল্প দিয়া হৈছিল । মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে তেওঁৰ কৰ্তব্যসমূহ সুচাৰুৰূপে পালন কৰিবলৈ প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে । ভাৰ্গেছৰ সহায়ক ব্যৱস্থা আৰু অধিক শক্তিশালী কৰিবলৈ জিলা প্ৰশাসনে তেওঁক এছ আই আৰ সম্পৰ্কীয় কাম-কাজ চলোৱাত সহায় কৰিবলৈ অতিৰিক্ত কৰ্মী নিয়োগ কৰিছে ।

বি এল অ’ৰ কথিত মৃত্যুক লৈ বিৰোধী দলসমূহে অসন্তুষ্টি প্ৰকাশ কৰিছে

এই বিষয়ক লৈ বিৰোধী দলসমূহে ই চি আইক সমালোচনা কৰিছে । বি এল অ’ৰ কথিত মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, "এছ আই আৰৰ আৱৰণত সমগ্ৰ দেশতে বিশৃংখলতাৰ সৃষ্টি হৈছে । ফলত তিনি সপ্তাহত ১৬জন বি এল অ'ই প্ৰাণ হেৰুৱাইছে । হাৰ্ট এটেক, মানসিক চাপ, আত্মহত্যা—এছ আই আৰ সংস্কাৰ নহয়, ই এক জাপি দিয়া অত্যাচাৰ ।"

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে ইয়াৰ পূৰ্বে এক্সত এটা পোষ্টত লিখিছিল, "ভাৰতৰ তথাকথিত নিৰ্বাচন আয়োগৰ অপৰিকল্পিত, অদম্য কামৰ বোজাৰ বাবে বহুমূলীয়া জীৱন হেৰুৱাইছে । পূৰ্বে তিনি বছৰ সময় লোৱা এটা প্ৰক্ৰিয়া নিৰ্বাচনৰ ঠিক আগতে ৰাজনৈতিক মাষ্টৰসকলক সন্তুষ্ট কৰিবলৈ দুমাহত এতিয়া সম্পূৰ্ণ হৈছে, যাৰ ফলত বি এল অ'ৰ ওপৰত অমানৱীয় হেঁচা পৰিছে ।" তেওঁ লগতে ৰাজ্যৰ ভোটাৰ তালিকাৰ SIR অনতিপলমে কৰাবলৈ প’ল পেনেলৰ ওচৰত আবেদন জনায় ।

লগতে পঢ়ক : অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

অসমত SIR নহয়, SRহে আৰম্ভ: মুখ্য নিৰ্বাচন বিষয়াৰ ঘোষণা

১২ খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰ: ৯৯ শতাংশ ই এফ বিতৰণ