দুৰ্বৃত্তৰ ছুৰিকাঘাতত মৰিয়নীত নিহত এজন যুৱক

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 2:15 PM IST

thumbnail

যোৰহাট, 23 জানুৱাৰী : মৰিয়নীৰ ডকলঙিয়া চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা ৷ সোমবাৰে নিশা দুৰ্বৃত্তৰ ছুৰিকাঘাতত নিহত হৈছে এজন যুৱক ৷ নিহত যুৱকজন বাগিচাখনৰ বৰলাইনৰ শংকৰ তেলীৰ পুত্ৰ কাৰ্তিক তেলী (২০) বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি, ঘৰৰ সন্মুখত ৰৈ থকা অৱস্থাত নিশাৰ ভাগত দুৰ্বৃত্তই ছুৰিৰে আক্ৰমণ কৰে যুৱকজনক ৷

ইফালে আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্ত ৷ উক্ত ঘটনাৰ পাচতে নিশাৰ ভাগত বাগিচাখনৰ বৰলাইনত আতংকময় পৰিৱেশে বিৰাজ কৰে ৷ আনহাতে নিশাৰ ভাগতে ঘটনাস্থলীত মৰিয়নী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ এফালে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে শোভাযাত্ৰা আৰু আতজবাজী ফুটাই আনন্দ-উল্লাস কৰি থকাৰ মাজতে সোমবাৰে নিশা মৰিয়নিত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো ৷

লগতে পঢ়ক : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা: নগাঁৱত বৃন্দাবনৰ দলৰ দ্বাৰা ৰামলীলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.