গোলাঘাটত সুৰাসক্তই চাদৰ পৰা পেলাই দিলে যুৱকক

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 8:14 PM IST

thumbnail

গোলাঘাট, ২২ জানুৱাৰী: গোলাঘাট নগৰৰ ২নং ৰে'লগেটৰ সমীপত এটা ভাড়াঘৰত সুৰা সেৱন কৰি থকা চাদ্দাপ খান নামৰ যুৱকজনক চাদৰ ওপৰৰ পেলাই দিয়ে ইমৰাণ খান নামৰ যুৱকজনে ৷ এই ঘটনাটো সংঘটিত হোৱাৰ পাছত ইমৰান খান নামৰ যুৱকজনক স্থানীয় ৰাইজে ঘৰৰ ভিতৰত আৱদ্ধ কৰি গোলাঘাট সদৰ আৰক্ষী থানাত খবৰ দিয়ে । ৰাইজে লগতে আহত যুৱকজনক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷

ইফালে, ঘটনাস্থলীত গোলাঘাট আৰক্ষীৰ এটা দল উপস্থিত হৈ ইমৰাণ খানক আটক কৰি গোলাঘাট আৰক্ষী থানালৈ লৈ আহে ৷ কাপোৰৰ ব্যৱসায়ৰ লগত জড়িত চাদ্দাপৰ খানৰ ঘৰ উত্তৰপ্ৰদেশৰ আলিগড়ত বুলি জানিব পৰা গৈছে ৷ সুৰাৰ বাবেই দুয়োজন যুৱকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈ এই কাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ 

লগতে পঢ়ক:জনসমুদ্ৰত পৰিণত যোৰহাট নগৰৰ ঠাকুৰবাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.