চিলাপথাৰত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি যুৱক - Sexual Assault

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 10:43 PM IST

thumbnail

জোনাই, ১৭ এপ্ৰিল : ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ ডেমগাঁৱত পহিলা ব'হাগত নাবালিকাক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ'ল তিনি যুৱক । উত্থাপিত অভিযোগ মতে,পহিলা ব'হাগত ডিমৌ বালিখুতি বড়ো গাঁৱৰ দুগৰাকী নাবালিকাই ডিমৌত বজাৰ কৰি ঘৰলৈ উভতি অহাৰ সময়তেই ডেমগাঁৱত স্থানীয় তিনি যুৱকৰ সৈতে কোনো বিযয়ক লৈ কথাৰ কটাকটি হয় । এই ঘটনাটো ইমানতেই শাম নাকাটিলে । যুৱককেইজনে পুনৰ বাইকেৰে গৈ নাবালিকা দুগৰাকীক আগচি ধৰি যৌন নিৰ্যাতন চলায় ।

পিচত এই বিষয়টো মীমাংসাৰ বাবে ৰাইজ মিলিত হয় যদিও উক্ত স্থানটো পুনৰ অপমানিত কৰে নাবালিকাৰ অভিভাৱকক । এইক্ষেত্ৰত বুধিন ফুকন নামৰ চিলি সূৰ্যোদয় হাইস্কুলৰ সহকাৰী শিক্ষকজনৰ বিৰুদ্ধে অভিভাৱকক ভয়-ভাবুকি দিয়াৰ লগতে বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে অপমানজনক মন্তব্য় কৰাৰ অভিযোগ উত্থাপিত হৈছে ।  

এই ঘটনাটোত অপমানিত আৰু আতংকিত অভিভাৱকে চিলাপথাৰৰ থানাত দিয়া এজাহৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ধাৰা 341/354(A)/352/34 আৰু POCSO আইন অনুসৰি গোচৰ পঞ্জীয়ন কৰি তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে । উক্ত ঘটনাটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰীহক সুৰক্ষা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাই ।

লগতে পঢ়ক:পুত্ৰই পলুৱাই আনিলে ছোৱালী; যুৱকৰ মাতৃক ৰাজপথত অৰ্ধনগ্ন কৰিলে যুৱতীৰ পৰিয়ালে - Sexual Assault

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.