কনিষ্ঠ ভাতৃয়ে ডিঙি ৰেপি হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক - MARIYANI MURDER CASE

By ETV Bharat Assamese Team

Published : May 5, 2024, 1:27 PM IST

thumbnail
কনিষ্ঠ ভাতৃয়ে ডিঙি ৰেপি হত্যা কৰে জ্যেষ্ঠ ভাতৃক(ETV BHARAT ASSAM)

যোৰহাট, 5 মে’ : তিনিদিনৰ ভিতৰতে যোৰহাট জিলাৰ মৰিয়নীত দুটাকৈ নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ কনিষ্ঠ ভাতৃয়ে নিৰ্মমভাৱে হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক ৷ মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰি চাহ বাগিচাৰ অফিচ লাইনত কনিষ্ঠ ভাতৃৰ হাতত মৃত্যু হয় জ্যেষ্ঠ ভাতৃৰ ৷

কঠালগুৰি চাহ বাগিচাৰ অফিছ লাইনত ডিঙি ৰেপি কনিষ্ঠ ভাতৃয়ে হত্যা কৰে জ্যেষ্ঠ ভাতৃক । মৰিয়নী কঠালগুৰি চাহ বাগিচাৰ ৰাত্নু তপ্নই (48) নামৰ লোকজনক তথা কনিষ্ঠ ভাতৃ চালু তপ্নই চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে ৷

ঘৰুৱা অন্তঃকন্দলৰ বাবে এই নৃশংস ঘটনা সংঘটিত হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ ইতিমধ্যে এই ঘটনাৰ লগত জড়িত কনিষ্ঠ ভাতৃ চালু তপ্নক মৰিয়নী আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: জল জীৱন আঁচনিৰ নামত যোগান ধৰিছে বোকাপানী ! - Water Supply Scheme In Lakhimpur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.