বি টি আৰ চৰকাৰৰ চতুৰ্থ বৰ্ষ উপলক্ষে চিৰাঙৰ কাজলগাঁৱত ইউ পি পি এলৰ শান্তিৰ পদযাত্ৰা - সাংসদ ৰণগৌৰা নাৰ্জাৰী

🎬 Watch Now: Feature Video

thumbnail
চিৰাঙৰ কাজলগাঁৱত ইউ পি পি এলৰ শান্তিৰ পদযাত্ৰা (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 9:58 PM IST

1 Min Read
Choose ETV Bharat

চিৰাং, 27 জানুৱাৰী : বি টি আৰৰ চৰকাৰৰ চতুৰ্থ বৰ্ষ উপলক্ষে শনিবাৰে চিৰাঙৰ কাজলগাঁৱত শান্তিৰ পদযাত্ৰা বাহিৰ কৰে ইউ পি পি এলৰ দলীয় কৰ্মীয়ে ৷ ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে পদযাত্ৰাৰ শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে,  ইউ পি পি এল দলে আজি সমগ্ৰ বি টি আৰতে প্ৰতিটো পৰিষদীয় সমষ্টিত এই পদযাত্ৰা বাহিৰ কৰে ৷ উক্ত পদযাত্ৰা শুভাৰম্ভ কৰি সাংবাদিকৰ আগত সাংসদ নাৰ্জাৰীয়ে কয়, ‘‘ বি টি আৰ চুক্তিৰ জড়িয়তে বি টি আৰত শান্তি প্ৰতিষ্ঠা হৈছে আৰু প্ৰগতিৰ পথত আগুৱাই যাবলৈ সক্ষম হৈছে ৷ এই পদযাত্ৰা শান্তিৰ পদ যাত্ৰা, এই যাত্ৰা উন্নয়নৰ যাত্ৰা ৷ পূৰ্বৰ দৰে বি টি আৰত কোনো হিংসাত্মক ঘটনা হোৱা নাই ৷ শান্তিৰে বি টি আৰবাসীয়ে বসবাস কৰি আছে ৷’’

আজিৰ যাত্ৰাত ইউ পি পি এল দলৰ কেন্দ্ৰীয়, জিলা আৰু ব্লক সমিতিৰ নেতা-কৰ্মীৰ লগতে কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতি-জনগোষ্ঠীৰ কেইবাশতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : কোন কোন নেতাই কাইলৈ যোগদান কৰিব বিজেপিত ? জনালে ভৱেশ কলিতাই

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details