বি টি আৰ চৰকাৰৰ চতুৰ্থ বৰ্ষ উপলক্ষে চিৰাঙৰ কাজলগাঁৱত ইউ পি পি এলৰ শান্তিৰ পদযাত্ৰা

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 9:58 PM IST

thumbnail

চিৰাং, 27 জানুৱাৰী : বি টি আৰৰ চৰকাৰৰ চতুৰ্থ বৰ্ষ উপলক্ষে শনিবাৰে চিৰাঙৰ কাজলগাঁৱত শান্তিৰ পদযাত্ৰা বাহিৰ কৰে ইউ পি পি এলৰ দলীয় কৰ্মীয়ে ৷ ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে পদযাত্ৰাৰ শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে,  ইউ পি পি এল দলে আজি সমগ্ৰ বি টি আৰতে প্ৰতিটো পৰিষদীয় সমষ্টিত এই পদযাত্ৰা বাহিৰ কৰে ৷ উক্ত পদযাত্ৰা শুভাৰম্ভ কৰি সাংবাদিকৰ আগত সাংসদ নাৰ্জাৰীয়ে কয়, ‘‘ বি টি আৰ চুক্তিৰ জড়িয়তে বি টি আৰত শান্তি প্ৰতিষ্ঠা হৈছে আৰু প্ৰগতিৰ পথত আগুৱাই যাবলৈ সক্ষম হৈছে ৷ এই পদযাত্ৰা শান্তিৰ পদ যাত্ৰা, এই যাত্ৰা উন্নয়নৰ যাত্ৰা ৷ পূৰ্বৰ দৰে বি টি আৰত কোনো হিংসাত্মক ঘটনা হোৱা নাই ৷ শান্তিৰে বি টি আৰবাসীয়ে বসবাস কৰি আছে ৷’’

আজিৰ যাত্ৰাত ইউ পি পি এল দলৰ কেন্দ্ৰীয়, জিলা আৰু ব্লক সমিতিৰ নেতা-কৰ্মীৰ লগতে কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতি-জনগোষ্ঠীৰ কেইবাশতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : কোন কোন নেতাই কাইলৈ যোগদান কৰিব বিজেপিত ? জনালে ভৱেশ কলিতাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.