হাতত ক্ৰিকেট বেট লৈ খেলপথাৰত নামিল সৰ্বানন্দ সোণোৱাল - Sarbananda Sonowal played Cricket

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 9:56 PM IST

thumbnail

তিনিচুকীয়া, ২২ মাৰ্চ: হাতত ক্ৰিকেট বেট লৈ খেলপথাৰত নামিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বেটিং কৰি শুভাৰম্ভ কৰিলে দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা ৷ উল্লেখ্য যে শুকুৰবাৰৰ পৰা মাকুমত আৰম্ভ হৈছে লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতি আৰু জলজীৱন মিছন ঠিকাদাৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এখন  দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে ৷

মাকুমৰ ৰজনীকান্ত বৰদলৈ খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাখনত ক্ৰিকেটাৰৰ ৰূপত দেখা গ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ উল্লেখ্য যে আজিৰে পৰা ২৭ মাৰ্চলৈকে অনুষ্ঠিত কৰা প্ৰথম বাৰ্ষিক দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ ৪০ টাকৈ আগশাৰীৰ দলে অংশগ্ৰহণ কৰিছে ।

খেলখন সন্ধিয়া শুভাৰম্ভণীৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কায্যবাহী সদস্য অৰুণজ্যোতি মৰাণৰ লগতে উদ্যোক্তাবৃন্দ উপস্থিত থাকে ৷

লগতে পঢ়ক: মাজুলীত ক্রিকেটাৰৰ ৰূপত গৌৰৱ গগৈ, ভাগৱতৰ ব্যাখ্যাও শুনিলে কংগ্ৰেছ নেতাগৰাকীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.