লখিমপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভা LIVE - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 2:09 PM IST

Updated : Apr 9, 2024, 2:36 PM IST

thumbnail

আজি লখিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে ৷ আজি পুৱা ১০.৩০ বজাত নতুন দিল্লীৰ পৰা এখন বিশেষ হেলিকপ্টাৰৰে অসমৰ অভিমুখে উৰা মাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ দুপৰীয়া প্ৰায় ১.৪৫ বজাত তেওঁ চুকুলীভৰীয়াত স্থাপন কৰা অস্থায়ী হেলিপেডত অৱতৰণ কৰে ।ইয়াৰ পাচত হেলিপেডৰ কাষতে আয়োজন কৰা এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ দলীয় প্রার্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাচত বিয়লি ৩.২৫ বজাত হেলিকপ্টাৰযোগে তিনিচুকীয়ালৈ ৰাওনা হ’ব । তিনিচুকীয়াত চলিহা নগৰ খেলপথাৰৰ পৰা জিএনবি পথ হৈ থানা চাৰিআলিলৈকে এক বিশাল ৰেলীত অংশগ্ৰহণ কৰিব আৰু জিএনবি পথৰ কাষে কাষে ৰৈ থকা ২০ হাজাৰ লোকক সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ৷

Last Updated : Apr 9, 2024, 2:36 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.