নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ দাবীত আগৰতলাত নিবনুৱা যুৱকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 9:20 PM IST

thumbnail

কৰিমগঞ্জ, 4 ফেব্ৰুৱাৰী: নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত বিজেপি শাসিত ত্ৰিপুৰা ৷ ফলস্বৰূপে সৃষ্টি হৈছে প্ৰতিবাদ, অসন্তুষ্টিৰ ৷ দেওবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত নিবনুৱা যুৱকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজধানী চহৰ আগৰতলাৰ কৃষ্ণ মন্দিৰৰ কাষতে থকা মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ সন্মুখত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে এছ টি জি টিৰ চাকৰি প্ৰত্যাশীসকলে শীঘ্ৰেই এই বিভাগ সমূহত নিযুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

প্ৰতিবাদকাৰীসকলে দাবী কৰে যে, এই দুটা বিভাগত নিযুক্তিৰ বাবে প্ৰায় ডেৰ বছৰ পূৰ্বেই পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ হোৱা নাই ৷ গতিকে শীঘ্ৰেই পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰি খালী পদ সমূহত নিযুক্তি দিয়াৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

তেওঁলোকে কয় যে, এই সময়চোৱাত তেওঁলোকে এই বিষয় সন্দৰ্ভত কেইবাবাৰো মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছে ৷ কিন্তু তেওঁলোকক মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে সুযোগ দিয়া নহ’ল বুলি মন্তব্য কৰাৰ লগতে এই ক্ষেত্ৰত আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে বুলি অভিযোগ কৰে ৷ 

লগতে পঢ়ক: বেলেগৰ লগত নহয়, কংগ্ৰেছৰে দুই ফৈদৰ মাজত তুমুল সংঘৰ্ষ হাইলাকান্দিত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.