চাইকেল চলাই লখিমপুৰৰ দুই যুৱকৰ ৰাম মন্দিৰলৈ বুলি যাত্ৰা

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 5:49 PM IST

thumbnail

বিশ্বনাথ, ২২ জানুৱাৰী : অতি ধুমধামেৰে আজি অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল ৰামৰ ৷ দেশ তথা ৰাজ্য আজি ৰামময় হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰৈছে বিশ্ববাসী ৷ বৈদিক ৰীতি-নীতিৰ মাজেৰে আজি প্ৰাণ প্ৰতিষ্ঠা কৰা ৰাম মন্দিৰলৈ বুলি যাত্ৰা কৰিছে লখিমপুৰ জিলাৰ দুই যুৱকে ৷

দেওবাৰৰ পৰা চাইকেল চলাই অযোধ্যাৰ ৰাম মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিছে দুই যুৱকে । তেওঁলোক হ’ল কৃষ্ণ দাস আৰু গুণু দাস ৷ দেওবাৰে পুৱাই লখিমপুৰ পৰা দুই যুৱকে আৰম্ভ কৰা এই চাইকেল যাত্ৰা সোমবাৰে বিহালী বৰগাঙত উপস্থিত হয় । প্ৰায় ১৩ শ কিলোমিটাৰ চাইকেল চলাই অযোধ্যাত উপস্থিত হোৱাৰ কথা উল্লেখ কৰে দুই যুৱকে ।

দুয়ো দৈনিক ১০০ পৰা ১৫০ কিলোমিটাৰ যদি চাইকেল চলাই পথ অতিক্ৰম কৰে, তেন্তে অহা ১০/১২ দিনৰ ভিতৰত আযোধ্যাৰ ৰাম মন্দিৰত তেওঁলোকে সুকলমে উপস্থিত হ’ব পাৰিব ৷ এই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যুৱকদ্বয়ে ।

লগতে পঢ়ক : ৰাম মন্দিৰৰ প্ৰাণ সঞ্চাৰত আনন্দিত অসমৰ ৰাজ্যপাল; ৰোমন্থন পুৰণি স্মৃতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.