৯০ বিঘা ভূমিত সৰিয়হ খেতি কৰি স্বাৱলম্বী এদল যুৱক

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 2:24 PM IST

thumbnail

টীয়ক,২০ জানুৱাৰী: চৌপাশে হালধীয়া, কেৱল হালধীয়া । টীয়ক সমষ্টিৰ অন্তৰ্গত লাহদৈগড়ৰ বৰখেলীয়া অঞ্চলৰ একাংশ উদীয়মান যুৱকে একো একোটা কৃষি গোট সৃষ্টি কৰি অপ্ৰাণ কষ্ট কৰি কৰা ফচল এতিয়া বৰখেলীয়া পথাৰ হালধীয়া হালধীয়া হৈ চানি ধৰিছে । ডি আৰ এম আৰ- এপাৰ্টৰ অধীনত উক্ত অঞ্চলত প্ৰায় পৃথকে পৃথকে ৯০ বিঘা ভূমিত সৰিয়হৰ খেতি কৰাৰ সমান্তৰালকৈ আৰু, ৰঙালাও আদি পাচলিৰো খেতি কৰা হৈছে ।  

ইফালে এইসকল উদীয়মান কৃষকক প্ৰতিটো মূহুৰ্ত্বতে বিভাগৰ ফালৰ পৰা সকলো ধৰণৰ কাৰিকৰী জ্ঞান তথা একাংশ কৃষকক বীজ আৰু সাৰ যোগান ধৰি সহায়ৰ হাত আগবঢ়াইছে বুলি জানিবপৰা গৈছে । অৱশ্যে চৰকাৰে জলসিঞ্চন ব্যৱস্থা, স্প্ৰে মেচিন আদি যোগান ধৰিলে আৰু অধিক সহায়ক হ'ব বুলি আশা কৰে কৃষকসকলে । লগতে নৱ প্ৰজন্মক এইদৰে খেতিখোলাত মনোনিৱেশ কৰি নিজৰ উপাৰ্জনৰ পথ সুগম কৰিবলৈ আহ্বান জনাই এইসকল আদৰ্শবান যুৱকে । জিলা কৃষি বিভাগৰ কেইবাগৰাকীও বিষয়া উক্ত স্থানত উপস্থিত হৈ খেতি পথাৰ পৰ্যবেক্ষণ কৰি কিদৰে অনাগত দিনত আগবাঢ়িব লাগিব তাৰ আলোচনা কৰি যুৱকসকলৰ এই প্ৰচেষ্টাৰ শলাগ লয় ।

লগতে পঢ়ক: সোণাৰু-কাঞ্চন-কৃষ্ণচূড়াৰ চতুৰ্থ বৰ্ষপুতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.