লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেই ৰাইজৰ বাবে মুকলি হ’ব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় : শ্ৰমমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 3:34 PM IST

thumbnail

তিনিচুকীয়া, ১০ ফেব্ৰুৱাৰী : শনিবাৰে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপস্থিত হয় শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ ৷ তাৰ পাচত শ্ৰম মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত চিন্ময় পাঠকৰ উপস্থিতিত চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক তথা বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ এই বৈঠকতে চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ লগতে প্ৰতিটো দিশৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হয় ৷

পৰৱৰ্তী সময়ত আগন্তুক লোকসভাৰ নিৰ্বাচনৰ আগতেই এই তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়খন ৰাইজৰ বাবে মুকলি কৰিব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷ লগতে তেওঁ ইতিমধ্যে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৮০-৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলিও সদৰী কৰে ৷ গতিকে যিখিনি কাৰিকৰী অসুবিধা আছে, সেয়া অতি কম সময়তে সমাধান কৰিব বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈ ৰাজ্য চৰকাৰৰ এটাৰ পিচত আন এটা চমক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.