গণৰাজ্য দিৱসৰ দিনটো বন্ধ ঘোষণা আলফা(স্বা)ৰ; টিংখাঙত সষ্টম আৰক্ষী-গাঁওৰক্ষী বাহিনী

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 7:02 AM IST

thumbnail

ডিব্ৰুগড়, 26 জানুৱাৰী : আলফা স্বাধীনে গণৰাজ্য দিৱসৰ দিনটো বন্ধ ঘোষণা কৰাৰ পাচতেই টিংখাঙত সষ্টম হৈ পৰিছে আৰক্ষী-গাঁওৰক্ষী বাহিনী ৷ 75 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে টিংখাঙৰ কঠালগুৰি চাৰিআলিত আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত তালাচী চলাই থকা হৈছে । টিংখাঙৰ কঠালগুৰি চাৰিআলিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

75 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পন্ন কৰি তোলাত ব্যস্ত হোৱাৰ লগতে দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কটকীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে, গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কোনো দুষ্কৃতিকাৰীয়ে যাতে কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সমষ্ট টিংখাং থানা এলেকাত কটকটীয়া পহৰাৰ ব্যৱস্থা কৰা হৈছে । টিংখাং আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সহযোগত টিংখাঙৰ কঠালগুৰি চাৰিআলিত প্ৰতিখন বাহনত তালাচী চলোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : ৭৫ সংখ্যক গণৰাজ্য দিৱসত বীৰত্ব বঁটা আৰু সেৱা পদকেৰে সন্মানিত হ’ব ১১৩২ জন কৰ্মী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.