ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ তিনিজনৰ কৰুণ মৃত্যু: দুজনক উদ্ধাৰ, এজন সন্ধানহীন - Three die drowned in Brahmaputra

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 6:13 PM IST

thumbnail

গুৱাহাটী, ৫ এপ্ৰিল : মহানগৰীৰ চূণচালিত অঘটন সংঘটিত হৈছে ৷ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ শোকাৱহ মৃত্যু দুই কিশোৰৰ লগতে এজন যুৱকৰ ৷ তিনিওজন চান্দমাৰী অমিয় নগৰৰ দেৱজিৎ ভূঞা(১৭), ৰাহুল দাস(২২) আৰু কুকিল কলিতা(১৭) বুলি জানিব পৰা গৈছে ৷ মৃত তিনিজনে আন তিনি সতীৰ্থৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহি প্ৰথমে ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰে ।

তাৰ পিচতে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নুনমাটি থানাত খবৰ দিয়ে । খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । তাৰ পিচতে তিনিজন কিশোৰৰ সন্ধানত SDRF বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলায় । অৱশেষত আজি বিয়লি SDRF বাহিনীৰ লোকে ব্ৰহ্মপুত্ৰ নদীত অভিযান চলাই দুজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷  SDRF বাহিনীয়ে দেৱজিৎ ভূঞা আৰু কুকিল কলিতাৰ মৃতদেহ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷ বাতৰি লিখা সময়লৈকে ৰাহুল দাস(২২) ৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক:  সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ - Students Died

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.