ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ তিনিজনৰ কৰুণ মৃত্যু: দুজনক উদ্ধাৰ, এজন সন্ধানহীন - Three die drowned in Brahmaputra - ব্ৰহ্মপুত্ৰত সন্ধানহীন তিনিজন কিশোৰ

🎬 Watch Now: Feature Video

thumbnail
ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ তিনিজনৰ কৰুণ মৃত্যু: দুজনক উদ্ধাৰ, এজন সন্ধানহীন (undefined)

By ETV Bharat Assamese Team

Published : April 5, 2024 at 6:13 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ৫ এপ্ৰিল : মহানগৰীৰ চূণচালিত অঘটন সংঘটিত হৈছে ৷ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ শোকাৱহ মৃত্যু দুই কিশোৰৰ লগতে এজন যুৱকৰ ৷ তিনিওজন চান্দমাৰী অমিয় নগৰৰ দেৱজিৎ ভূঞা(১৭), ৰাহুল দাস(২২) আৰু কুকিল কলিতা(১৭) বুলি জানিব পৰা গৈছে ৷ মৃত তিনিজনে আন তিনি সতীৰ্থৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহি প্ৰথমে ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰে ।

তাৰ পিচতে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নুনমাটি থানাত খবৰ দিয়ে । খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । তাৰ পিচতে তিনিজন কিশোৰৰ সন্ধানত SDRF বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলায় । অৱশেষত আজি বিয়লি SDRF বাহিনীৰ লোকে ব্ৰহ্মপুত্ৰ নদীত অভিযান চলাই দুজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷  SDRF বাহিনীয়ে দেৱজিৎ ভূঞা আৰু কুকিল কলিতাৰ মৃতদেহ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷ বাতৰি লিখা সময়লৈকে ৰাহুল দাস(২২) ৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক:  সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ - Students Died

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details