একে নিশাই সংঘটিত হ’ল দুটাকৈ চুৰিকাণ্ড; চুৰিৰ দৃশ্য আৱদ্ধ চিচি টিভি কেমেৰাত

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 11:58 AM IST

thumbnail

তিনিচুকীয়া, 2 মাৰ্চ: তিনিচুকীয়াৰ চহৰত সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ চুৰি কাণ্ড ৷ শুকুৰবাৰৰ নিশা পুনৰ তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ নিউ মাৰ্কেটত সংঘটিত হৈছে দুটাকৈ চুৰিৰ ঘটনা ৷ নভেক্স নামৰ এখন কাপোৰৰ দোকানৰ লগতে ইউনাইটেড ফুটৱেৰ নামৰ দোকানত সংঘটিত হৈছে চুৰFকাণ্ড দুটা ৷

দুয়োখন দোকানৰ পৰা প্ৰায় 2 লাখ টকাৰ নগদ ধনৰ লগতে কিছু সা-সামগ্ৰী লৈ যোৱাৰ কথা সদৰী কৰে দোকান দুখনৰ স্বত্বাধিকাৰীয়ে ৷ ইতিমধ্যে শনিবাৰৰ পুৱাই চুৰিকাণ্ড সংঘটিত হোৱা স্থানত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ চিচি টিভিৰ ভিডিঅ’ সংগ্ৰহ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ 

উল্লেখযোগ্য যে, কিছুদিনৰ পৰা তিনিচুকীয়া চহৰৰ নিউ মাৰ্কেট, মাকুম ৰ’ড, পৰ্বতীয়া, জ্যোতিনগৰ, এ টি ৰ’ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছত শুকুৰবাৰৰ নিশা পুনৰ নিউ মাৰ্কেটত দুটাকৈ চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনাই বাণিজ্যিক চহৰ তিনিচুকীয়াত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰাৰ লগতে আৰক্ষীৰ সোপাধিলা স্থিতি উদঙাই দেখুৱাইছে ।

লগতে পঢ়ক: ঘৰ এৰি যোৱাৰ আগত দুবাৰ ভাবক, ৰেহাই নাপালে চৰকাৰী বিষয়াও

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.