একে নিশাই সংঘটিত হ’ল দুটাকৈ চুৰিকাণ্ড; চুৰিৰ দৃশ্য আৱদ্ধ চিচি টিভি কেমেৰাত - Tinsukia crime

🎬 Watch Now: Feature Video

thumbnail
একে নিশাই সংঘটিত হ’ল দুটাকৈ চুৰিকাণ্ড; চুৰিৰ দৃশ্য আৱদ্ধ চিচি টিভি কেমেৰাত (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 11:58 AM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, 2 মাৰ্চ: তিনিচুকীয়াৰ চহৰত সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ চুৰি কাণ্ড ৷ শুকুৰবাৰৰ নিশা পুনৰ তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ নিউ মাৰ্কেটত সংঘটিত হৈছে দুটাকৈ চুৰিৰ ঘটনা ৷ নভেক্স নামৰ এখন কাপোৰৰ দোকানৰ লগতে ইউনাইটেড ফুটৱেৰ নামৰ দোকানত সংঘটিত হৈছে চুৰFকাণ্ড দুটা ৷

দুয়োখন দোকানৰ পৰা প্ৰায় 2 লাখ টকাৰ নগদ ধনৰ লগতে কিছু সা-সামগ্ৰী লৈ যোৱাৰ কথা সদৰী কৰে দোকান দুখনৰ স্বত্বাধিকাৰীয়ে ৷ ইতিমধ্যে শনিবাৰৰ পুৱাই চুৰিকাণ্ড সংঘটিত হোৱা স্থানত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ চিচি টিভিৰ ভিডিঅ’ সংগ্ৰহ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ 

উল্লেখযোগ্য যে, কিছুদিনৰ পৰা তিনিচুকীয়া চহৰৰ নিউ মাৰ্কেট, মাকুম ৰ’ড, পৰ্বতীয়া, জ্যোতিনগৰ, এ টি ৰ’ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছত শুকুৰবাৰৰ নিশা পুনৰ নিউ মাৰ্কেটত দুটাকৈ চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনাই বাণিজ্যিক চহৰ তিনিচুকীয়াত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰাৰ লগতে আৰক্ষীৰ সোপাধিলা স্থিতি উদঙাই দেখুৱাইছে ।

লগতে পঢ়ক: ঘৰ এৰি যোৱাৰ আগত দুবাৰ ভাবক, ৰেহাই নাপালে চৰকাৰী বিষয়াও

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details