ড্ৰাগছসহ আটক ছাহেদ আলী

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 4:46 PM IST

thumbnail

বঙাইগাঁও,৪ ফ্ৰেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং দেওটাৰীত এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক । এক গোপন সুত্ৰৰ পম খেদি মাণিকপুৰ আৰক্ষীয়ে সৰবহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় । ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ২৫ টা খালী কন্টেইনাৰ, দুটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, চাৰিটা চিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ সৰবহকাৰীটোৰ নাম ছাহেদ আলী বুলি জানিব পৰা গৈছে ।  

অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে । এই ড্ৰাগছ সৰবহকাৰীটোৰ লগত আৰু কোন কোন জড়িত হৈ আছে সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব । 

উল্লেখ্য যে, সমগ্ৰ মাণিকপুৰত ড্ৰাগছৰ প্ৰচলনে ইমানেই ভয়াবহ ৰূপ ধাৰণ কৰিছে যে স্কুলীয়া ছাত্ৰ-ছাত্ৰী পৰা আৰম্ভ কৰি বয়োজেষ্ঠসকলেও আসক্ত হৈ পৰিছে । এই ক্ষেত্ৰত বঙাইগাঁও জিলা প্ৰশাসনে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু দৈনিকে জিলাখনৰ কোনো নহয় কোনো স্থানত ড্ৰাগছ সৰবহকাৰীয়ে কৌশলেৰে চলাই গৈছে ড্ৰাগছৰ প্ৰচলন । আৰক্ষীৰ এই সফলতাই জিলাখনৰ এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক: চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ ডাগ্ৰছ জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.