কুমাৰ চানুক চাবলৈ বিটিআৰৰ কাৰ্যবাহী সদস্যৰ ঘৰত ভিৰ

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 8:06 PM IST

thumbnail

কোকৰাঝাৰ, ৫ ফেব্ৰুৱাৰী :  কোকৰাঝাৰত উপস্থিত হয় জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ চানু ৷ বঙাইগাঁৱৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি থকাৰ পথত সোমবাৰে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ চানু ক্ষন্তেক সময়ৰ বাবে কোকৰাঝাৰৰ আলহী হয় । কোকৰাঝাৰত উপস্থিত হৈ কুমাৰ চানুৱে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ বাসগৃহত কিছুসময় জিৰণি লয় আৰু আতিথ্য গ্ৰহণ কৰে । মুহূৰ্ততে কুমাৰ চানু কোকৰাঝাৰলৈ অহাৰ খবৰটো বিয়পি পৰে ৷ শিল্পীগৰাকীৰ সৈতে অনুৰাগীসকলে ছেলফি লবলৈ বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ বাসগৃহত ভিৰ কৰাৰ লগতে ফুলৰ থোপা, আৰ’ণাই, গামোচা আদিৰে কণ্ঠশিল্পীগৰাকীক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয় ৷

কণ্ঠশিল্পীগৰাকীয়ে অসমীয়া গীতৰ লগতে নিজৰ কেইবাটাও হিন্দী আৰু বঙালী জনপ্ৰিয় গীতৰ কলি গুণগুণাই অসমক মই ভালপাঁও বুলি উল্লেখ কৰে ।  বঙাইগাঁৱৰ নতুনপাৰাত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিচতে শিল্পীগৰাকী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অতিথিশালাত নিশাটো কটাব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : বঙাইগাঁৱত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ চানু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.