বৰপেটাৰ অসম কেশৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 3:48 PM IST

thumbnail

বৰপেটা, 22 জানুৱাৰী : বৰপেটাৰ সচেতন গণ মঞ্চৰ উদ্যোগত স্থাপিত হোৱা অসম কেশৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ দেওবাৰে সামৰণি পৰে ৷ শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই বিদ্যালয় পৰ্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব লাগে বুলি মত প্ৰকাশ কৰে ৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত স্থাপিত প্ৰায় দুহেজাৰখন জাতীয় বিদ্যালয়ে মাতৃভাষা মাধ্যমত শিক্ষা প্ৰদান কৰি থকাৰ কথাও তেওঁ উল্লেখ কৰে ৷

সভাত অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীৰ জীয়াৰী যুগব্ৰতা দত্তই অংশগ্ৰহণ কৰি অসম জাতীয় বিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠান সমুহে ছাত্ৰ-ছাত্ৰীক জাতিৰ বৰেণ্য ব্যক্তি সকলৰ সৈতে চিনাকি কৰাই দিয়াৰ উদ্যোগ ল’বলৈ আহ্বান জনায় ৷ সভাত ডাঃ কমল কৃষ্ণ দাস, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস আৰু কৃষি বিজ্ঞানী ড৹ গোবিন্দ মৰল উপস্থিত থাকে ৷ এই সভাতে অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰে ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৷ 

লগতে পঢ়ক : পৰম্পৰাগত পোছাকত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নেতৃত্ব প্ৰধানমন্ত্ৰী মোদীৰ; গৃহ মন্ত্ৰী- প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.