ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দীৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 9:50 PM IST

thumbnail

মৰাণ, 22 জানুৱাৰী : ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দীৰ মৃত্যু ৷ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় জ্যেষ্ঠ সাংবাদিকজনৰ ৷ সাংবাদিকগৰাকীৰ মৃত্যুত ডিব্ৰুগড়ত শোকৰ ছাঁ পৰিছে ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি হস্পিতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি দৈনিক যুগশংখ কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা উজনি অসমৰ ব্যুৰ চীফ সঞ্জীৱ নন্দীৰ মৃত্যু হয় ৷

8 জানুৱাৰীৰ পৰা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল তেওঁ ৷ প্ৰায় তিনিটা দশক সংবাদক্ষেত্ৰৰ সৈতে জড়িত হৈ সেৱা আগবঢ়াই অহাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল তেওঁ ৷  

প্ৰয়াত নন্দীয়ে চেণ্টিনেল বাতৰি কাকত গোষ্ঠীৰ 'সময় প্ৰবাহ' নামৰ কাকতৰ জৰিয়তে সংবাদ জগতত খোজ পেলোৱাৰ পাছত দৈনিক যুগশংখৰ ডিব্ৰুগড়ৰ ষ্টাফ ৰিপ'ৰ্টাৰ হোৱাৰ লগতে উজনি অসমৰ প্ৰকাশকৰ দায়িত্বত আছিল ৷ মৃত্যুৰ পাচতেই জ্যেষ্ঠ সাংবাদিকজনক বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ আৰু দৈনিক যুগশংখৰ কার্যালয়ৰ সন্মুখত আৰু ইণ্ডিয়া ক্লাবত পৃথকে পৃথকে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত চৌকিডিঙ্গিৰ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক : মুখ্যমন্ত্রীয়ে অসমখনক গুণ্ডাৰাজলৈ পৰিণত কৰিলে: মীৰা বৰঠাকুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.