হাইলাকান্দিত আটক ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক জহিৰ উদ্দিন লস্কৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 4:23 PM IST

thumbnail
()

শিলচৰ,২০ এপ্ৰিল: হাইলাকান্দিত আটক ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক জহিৰ উদ্দিন লস্কৰক । শনিবাৰে হাইলাকান্দি সদৰ আৰক্ষীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আটক কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদকগৰাকীক । কি কাৰণত জহিৰ উদ্দিনক আটক কৰা হ'ল এই সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে । ইফালে, জহিৰ উদ্দিনক আটক কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হাইলাকান্দিত ।  

ৰাইজৰ দলৰ হাইলাকান্দি জিলা সমিতিয়ে এই ঘটনাক অগণতান্ত্ৰিক আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি আখ্যা দি এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে । দেওবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সভাত ব্যাঘাত জন্মাবলৈ বিজেপি আৰু এ আই ইউ ডি এফে ষড়যন্ত্ৰ কৰি জহিৰ উদ্দিনক আটক কৰাইছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ সদস্যসকলে । উল্লেখ্য, দেওবাৰে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ হৈ প্ৰচাৰ কৰাৰ বাবে হাইলাকান্দিলৈ আহিব অখিল গগৈ । ইয়াৰ প্ৰাকমুহূৰ্তত ৰাইজৰ দলৰ নেতা জহিৰ উদ্দিনৰ আটক হোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

লগতে পঢ়ক: বিশাল সমৰ্থকৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল মনোৰঞ্জন তালুকদাৰৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.