হাইলাকান্দিত আটক ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক জহিৰ উদ্দিন লস্কৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক জহিৰ উদ্দিন লস্কৰক আটক (undefined)

By ETV Bharat Assamese Team

Published : April 20, 2024 at 4:23 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ,২০ এপ্ৰিল: হাইলাকান্দিত আটক ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক জহিৰ উদ্দিন লস্কৰক । শনিবাৰে হাইলাকান্দি সদৰ আৰক্ষীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আটক কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদকগৰাকীক । কি কাৰণত জহিৰ উদ্দিনক আটক কৰা হ'ল এই সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে । ইফালে, জহিৰ উদ্দিনক আটক কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হাইলাকান্দিত ।  

ৰাইজৰ দলৰ হাইলাকান্দি জিলা সমিতিয়ে এই ঘটনাক অগণতান্ত্ৰিক আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি আখ্যা দি এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে । দেওবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সভাত ব্যাঘাত জন্মাবলৈ বিজেপি আৰু এ আই ইউ ডি এফে ষড়যন্ত্ৰ কৰি জহিৰ উদ্দিনক আটক কৰাইছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ সদস্যসকলে । উল্লেখ্য, দেওবাৰে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ হৈ প্ৰচাৰ কৰাৰ বাবে হাইলাকান্দিলৈ আহিব অখিল গগৈ । ইয়াৰ প্ৰাকমুহূৰ্তত ৰাইজৰ দলৰ নেতা জহিৰ উদ্দিনৰ আটক হোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

লগতে পঢ়ক: বিশাল সমৰ্থকৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল মনোৰঞ্জন তালুকদাৰৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details