বৰপেটাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আজাদ হিন্দ শাখা সংগম

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 3:35 PM IST

thumbnail

বৰপেটা, ২৩ জানুৱাৰী: ২০২৫ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই শতাব্দী বৰ্ষ পুৰ্ণ কৰিব । সেই উপলক্ষে আজি নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্ম দিনৰ লগত সংগতি ৰাখি বৰপেটাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আজাদ হিন্দ শাখা সংগমৰ আয়োজন কৰে ।

বৰপেটা জিলাৰ প্ৰায় তেৰশ স্বয়ংসেৱকে অংশগ্ৰহণ কৰে বিশেষ অনুষ্ঠানটোত । ১৯২৫ চনতে ডাঃ কেশৱ বলিৰাম হেডগেৱাৰে স্থাপন কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই অহা ২৫ চনত শতাব্দী বৰ্ষ পুৰ্ণ কৰিব । শতাব্দী বৰ্ষৰ আগ মুহূৰ্তত জিলাৰ এক শতাধিক শাখাক এক স্থানত একত্ৰিকৰণেৰে আজাদ হিন্দ শাখা সংগমৰ আয়োজন কৰে বৰপেটা চহৰত ।

উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰে সংঘৰ সহঃ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই । ভাষণত বুজৰবৰুৱাই সকলোকে নিজৰ ভাষা, সংস্কৃতিৰ প্ৰতি দায়ৱদ্ধ হ’বলৈ আহ্বান জনায় । আত্মপৰিচয় হেৰুওৱা জাতিয়ে বিশ্বত আগবাঢ়িব নোৱাৰে বুলিও বুজৰবৰুৱাই কয় । আনহাতে ভাৰতক বিশ্বগুৰু কৰাৰ ক্ষেত্ৰত সমাজৰ প্ৰতিগৰাকী লোকক নিজৰ দেশখনৰ প্ৰতি দায়ৱদ্ধ হ’বলৈও তেওঁ আহ্বান জনায় ।

আজিৰ কাৰ্যসূচীত সুন্দৰীদিয়া সত্ৰৰ ডেকা সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, পাটবাউসীৰ দামোদৰ সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰজ্যোতি গোস্বামী, বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অনিল কুমাৰ দাস আদি উপস্থিত থাকে ।

লগতে পঢ়ক: বিজেপি আৰু আৰএছএছে সমাজত ঘৃণা বিয়পাইছে: ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.