নিশা আমগুৰিৰ চামগুৰিত গাঁতত সোমাল চাৰিচকীয়া বাহন

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 1:24 PM IST

thumbnail

আমগুৰি, 3 ফ্ৰেব্ৰুৱাৰী : শুকুৰবাৰে নিশা আমগুৰিৰ চামগুৰিত পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ধোদৰ আলিৰ নিৰ্মীয়মান দলঙৰ বাবে খন্দা গাঁতত সোমাল এখন বাহন ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS-04-AE-4828 ৷ এই দুৰ্ঘটনাৰক ফলত কথমপি প্ৰাণ ৰক্ষা পৰে চালকজনৰ ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ধোদৰ আলিত দলং নিৰ্মাণৰ বাবে গাঁত খান্দি থোৱা আছিল ৷ কিন্তু দলঙৰ বাবে খন্দাত গাঁতত নাচিল কোনো সাংকেতিক চিহ্ন ৷ যাৰ বাবে দ খাৱৈত বাগৰি পৰে বাহনখন ৷ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে উপযুক্ত সাংকেতিক কোনো চিহ্ন দিয়া হোৱা নিছিল বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ 

উল্লেখ্য যে, উন্মুক্ত গাঁতৰ বাবে গুৱাহাটীৰ লগতে ডিব্ৰুগড়তো মৃত্যু হৈছিল পথাচাৰী ৷ তাৰ পাচতে ৰাজ্যত উন্মুক্ত হৈ থকা গাঁতসমূহ পুতিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে ৷ কিন্তু একাংশ সংস্থাৰ কৰ্মকাণ্ডৰ বাবে উন্মুক্ত গাঁতৰ বাবে বিভিন্ন অঘটন সংঘটিত হৈ আহিছে ৷ 

লগতে পড়ক : যোৰহাটত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.