মৰিয়নীৰ সাত হাজাৰ পাঁচশ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান ৰণোজ পেগুৰ - mariani news

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 3:46 PM IST

যোৰহাট, 23 জানুৱাৰী : মঙলবাৰে মৰিয়নী সমষ্টিত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী মুকলি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ ফলত নতুনকৈ গঠন হোৱা মৰিয়নী সমষ্টিৰ সাত হাজাৰ পাঁচশটা পৰিয়ালক এই কাৰ্যসূচীত ৰেচন কাৰ্ড প্ৰদান কৰা হয় । আজি মৰিয়নী চেলেংহাট বৰনগঞা ৰংগমঞ্চত আয়োজন কৰা ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মী, তিতাবৰৰ মহকুমাধিপতি বিপাংশা দত্ত, মৰিয়নী নগৰ সমিতিৰ পৌৰপতি বিশ্ব প্ৰভা শইকীয়া, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা চমুৱা বৰুৱা উপস্থিত থাকে ।

উল্লেখ্য যে, বাৰ্ষিক চাৰি লাখ টকা উপাৰ্জন কৰা প্ৰতিগৰাকী লোককে অসম চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড । তাৎপৰ্যপূৰ্ণ যে, সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি নতুনকৈ সৃষ্টি হোৱা হিতাধিকাৰীৰসকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয় আৰু কেন্দ্ৰীয়ভাৱে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত যোৰহাট সমষ্টিৰ ৬৩২৮ গৰাকী লোকক ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : ৰেচন কাৰ্ড বিলালে জয়ন্ত মল্ল বৰুৱাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.