নাহৰকটীয়াত নতুনকৈ ২৫৩২৯ গৰাকীয়ে লাভ কৰিলে খাদ্য সুৰক্ষা আঁচনিৰ সুবিধা

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 9:09 PM IST

thumbnail

ডিব্ৰুগড়, 23 জানুৱাৰী: হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বিহুতেই ৪০ লাখৰো অধিক লোকক দিয়া হ'ব ৰেচন কাৰ্ড । বছৰি ৪ লাখৰ তলত উপাৰ্জন কৰা সকলো লোককে ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা পাচতে ৰাজ্যত সমষ্টিয়ে সমষ্টিয়ে বিশাল সভা অনুষ্ঠিত কৰি বিতৰণ কৰা হৈছে ৰেচন কাৰ্ড ।

মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি নাহৰকটীয়াত আজি নতুনকৈ ২৫৩২৯ গৰাকী লোকে লাভ কৰিলে খাদ্য সুৰক্ষা আঁচনিৰ সুবিধা । পুনৰগঠিত ৯২ নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ নগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত ৰাজহ মন্ত্ৰী যোগেন মহন আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মুখ্য অতিথি হিচাবে উপস্থিত থাকি ৬,৫৭৮ খন ৰেচন কাৰ্ড বিতৰণ কৰে ৷

উক্ত কাৰ্ডসমূহৰ জৰিয়তে আজিৰে পৰা ২৫,৩২৯ গৰাকী হিতাধিকাৰীয়ে খাদ্য সুৰক্ষা আঁচনিৰ সুবিধা লাভ কৰিব । ইয়াৰ ওপৰিও নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে ৰাজহুৱা বিতৰণ ব্যৱস্থা অধীনত বিনামূলীয়া চাউল লাভ কৰাৰ লগতে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা আৰু পিএম উজ্জ্বলা যোজনাৰ ৰাজসাহায্যযুক্ত ৰন্ধন গেছো লাভ কৰিব ।

লগতে পঢ়ক: ৰাহুল গান্ধীয়ে উন্নয়নৰ ছবি দেখি অনুশোচনাত ভুগিব : অতুল বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.