ধুবুৰী সমষ্টিৰ হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 10:20 PM IST

thumbnail

ধুবুৰী, 23 জানুৱাৰী : জিলা আয়ুক্তৰ উপস্থিতিত ধুবুৰী জিলা পুথি ভঁৰালত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে মন্ত্ৰী সঞ্জয় কিষাণে । ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০,৯৫৫ গৰাকী হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । উক্ত অনুষ্ঠানত চাহ জনগোষ্ঠী তথা আদিবাসী কল্যাণ আৰু শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে কয় যে, বছৰি চাৰি লাখ টকা উপাৰ্জন কৰা পৰিয়ালেও পাব ৰেচন কাৰ্ড । ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে বছৰি পাঁচ লাখ টকা পৰ্যন্ত পাব চিকিৎসাৰ সুবিধা । অন্ত্যোদয়া অন্ন যোজনা পৰিয়ালে প্ৰতি মাহে ৩৫ কিলোগ্ৰামকৈ আৰু প্ৰতিটো অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই প্ৰতিমাহে লাভ কৰিব পাঁচ কিলোগ্ৰামকৈ বিনামূলীয়া চাউল ।

ইপিনে ৰেচন কাৰ্ড বিতৰণৰ নামত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ নকৰিবলৈ সকীয়নি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে । আনপিনে অসমত চলি থকা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা কৰি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ প্ৰভাৱ অসমত নপৰে বুলি কৈ বিভিন্ন প্ৰকাৰে সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় কংগ্ৰেছ চৰকাৰৰ দিনত কৰি যোৱা অন্যায় পাহৰিব পৰা নাই অসমবাসীয়ে । গতিকে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰভাৱ অসমত নপৰে বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক : ৰাহুল গান্ধীয়ে উন্নয়নৰ ছবি দেখি অনুশোচনাত ভুগিব : অতুল বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.