অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা; তিনিচুকীয়াৰ ৰাজপথত ৰামভক্তৰ জয়গান

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 9:11 PM IST

thumbnail

তিনিচুকীয়া, ২২ জানুৱাৰী : ৫০০ বছৰৰ অপেক্ষাৰ অন্তত অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল দেশবাসী ৷ এই ক্ষণৰ সাক্ষী হ’বলৈ বাণিজ্যিক চহৰ তিনিচুকীয়াৰ ৰাজপথলৈ ওলাই আহিল লক্ষ লক্ষ জনতা ৷ লক্ষ লক্ষ জনতাই ৰাজপথলৈ ওলাই আহি শ্ল’গান দিলে জয় শ্ৰীৰাম । এক কথাত ক’বলৈ গ’লে ৰামময় হৈ পৰিল বাণিজ্যিক চহৰ তিনিচুকীয়াৰ পৰিৱেশ ৷

বজৰং দল, বিশ্ব হিন্দু পৰিষদৰ লগতে স্বতঃস্ফূৰ্তভাৱে তিনিচুকীয়াৰ সকলো জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ওলায় আহিল লক্ষ লক্ষ জনতা ৷ সোমবাৰে আয়োজিত উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে উপস্থিত থাকে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণো ৷

এই অনুষ্ঠানৰ পৰাই তিনিচুকীয়াবাসীক ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ ঐতিহাসিক ক্ষণৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীদ্বয়ে ৷ সমান্তৰালভাৱে আজিৰ দিনটো চিৰদিনৰ কাৰণে এক বিশেষ দিন হৈ ৰ’ব বুলি উল্লেখ কৰে মন্ত্ৰীদ্বয়ে ৷

লগতে পঢ়ক : পৰম্পৰাগত পোছাকত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নেতৃত্ব প্ৰধানমন্ত্ৰী মোদীৰ; গৃহ মন্ত্ৰী- প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.