নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ৰঙিয়াত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 7:42 PM IST

thumbnail

ৰঙিয়া, ২০ জানুৱাৰী : নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ৰঙিয়াত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এক দেশ এক নীতিৰে পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবীত তেওঁলোকে এইদৰে প্ৰতিবাদ জনায় । সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানত ৰঙিয়াৰ গান্ধী মণ্ডপৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।  

দিনজোৰা কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ জনালে কৰ্মচাৰীসকলে । ইয়াৰ পিচতেই ৰঙিয়াৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক প্ৰাদান কৰে প্ৰতিবাদকাৰীয়ে । শতাধিক কৰ্মচাৰীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু ৰাজনৈতিক, অৰাজনৈতিক সংগঠনৰ লোকে অংশগ্ৰহণ কৰে এই আন্দোলনৰ কাৰ্যসূচীত । প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকৰ দাবীসমুহ পুৰণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় । বিশেষকৈ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চনৰ প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক:ভীতিগ্ৰস্ত হৈ বিভ্ৰান্তিকৰ কথা ক’বলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই: জয়ৰাম ৰমেশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.