দীপাংক নাথৰ প্ৰতিকৃতিত কোবাই-কিলাই ক্ষোভ প্ৰকাশ প্ৰাক্তন সতীৰ্থৰ

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:21 PM IST

thumbnail

গুৱাহাটী, ২৮ জানুৱাৰী : গুৱাহাটীৰ কমাৰ্চ কলেজৰ সমীপত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথৰ প্ৰতিকৃতিত আঘাত কৰি সাব্যস্ত কৰা হয় উক্ত প্ৰতিবাদ । আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে বিজেপিত যোগদান কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

প্ৰাক্তন আছুনেতা তথা সদ্যবিজেপি কৰ্মী দীপাংক নাথক জাতিদ্ৰোহী, নিলাজ, সুবিধাবাদী আখ্যা প্ৰতিবাদকাৰীৰ । গেৰুৱা বসন পিন্ধা দীপাংক নাথৰ প্ৰতিমূৰ্তিত লাঠি-ছেণ্ডেলৰ কোব দিয়ে প্ৰতিবাদকাৰীসকলে । একালৰ আছু সতীৰ্থই সাব্যস্ত কৰিলে উক্ত তীব্ৰ প্ৰতিবাদ ।

উল্লেখ্য যে আজি আনুষ্ঠানিকভাৱে আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে বিজেপিত যোগদান কৰে । ‘কা আমি নামানো’ বুলি ডিঙিৰ সিৰ ফুলাই ‘কা’ বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে বিজেপিত যোগ দিয়াৰ লগে লগে ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজ্যজুৰি হোৱা 'কা'বিৰোধী আন্দোনলৰ নেতৃত্ব দিয়াসকলৰ অন্যতম আছিল দীপাংক কুমাৰ নাথ ।

লগতে পঢ়ক: কংগ্ৰেছী আৰু প্ৰাক্তন ছাত্ৰ নেতাৰে বিজেপিৰ আজি বৃহৎ যোগদান সমাৰোহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.