'কা' ৰ বিৰুদ্ধে শোণিতপুৰ নাগৰিক সমাজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:26 PM IST

thumbnail

তেজপুৰ, ১৯ মাৰ্চ : এইবাৰ ৰাজপথত 'কা' ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰিলে শোণিতপুৰ নাগৰিক সমাজে । 'কা' বলৱৎ হোৱাৰ পিচতেই ৰাজ্যত এই আইনখনৰ বিৰুদ্ধে তীব্র প্রতিবাদ অব্যাহত থকাৰ সময়তে আজি তেজপুৰৰ ক'ৰ্ট চাৰিআলিত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে শোণিতপুৰ নাগৰিক সমাজে ।

"'কা' আমি নামানো " শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শোণিতপুৰ নাগৰিক সমাজে । জ্যেষ্ঠ সাংবাদিক তথা শোণিতপুৰ নাগৰিক সমাজৰ সদ্যস্য পংকজ কুমাৰ নাথেও 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ জনায় । আনহাতে, জেষ্ঠ নাগৰিক পুৰ্ণেশ্বৰ নাথ, ড৹ ভূপেন শইকীয়া,সঞ্জয় কুমাৰ তাঁতী, অৰুণ গোস্বামী,পুলিন ভট্টাচাৰ্য, জ্যেষ্ঠ সাংবাদিক পংকজ কুমাৰ নাথ আৰু মমী বৰুৱা দত্তই  উচ্চতম ন্যায়ালয়ক এই জাতিধ্বংসী আইনখন প্ৰত্য়াহাৰ কৰিবলৈ আহ্বান জনায় । লগতে জ্যেষ্ঠ নাগৰিক পূৰ্ণেশ্বৰ নাথে কয় যে এই 'কা' আন্দোলন তেওঁলোকে ৰাজনৈতিক আন্দোলনলৈ প্ৰভাৱিত কৰিব ।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীয়েও  অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে এই আইনৰ বলবৎ কৰা দলক লোকসভা নিৰ্বাচনত ৰাইজক প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:কা বিৰোধীৰ প্ৰতিবাদত উত্তাল ৰাজ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.