ধনশিৰিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত ৰাইজে উলিয়ালে শোভাযাত্ৰা

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 5:02 PM IST

thumbnail

সৰুপথাৰ, ২২ জানুৱাৰী: অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ লগত সংগতি ৰাখি সৰুপথাৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় । কেৱল অযোধ্যাই নহয়, সমগ্ৰ ভাৰতবৰ্ষ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বিশেষ ক্ষণটোৰ সাক্ষী হৈ ৰ'ল ৷ ভাৰতীয় সংস্কৃতিৰ ৫ হাজাৰ বছৰীয়া ইতিহাসত শুভ আৰম্ভণি হ'ল এক নতুন অধ্যায়ৰ ৷ ইয়াৰেই অংশ ৰূপে সৰুপথাৰত আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচীৰ । জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰিল ধনশিৰি মহকুমা ।  

সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে আজি পুৱাৰে পৰাই হনুমান মন্দিৰত যজ্ঞ-কীৰ্তনত অংশগ্ৰহণ কৰে । এই উপলক্ষে মন্দিৰত অগণন ভক্তৰ সমাগম হয় । সমান্তৰালকৈ সৰুপথাৰৰ নাওজানত বিশাল শোভাযাত্ৰা উলিওৱা দেখা যায় । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে নাওজানৰ বিশাল শোভাযাত্ৰাত জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈছে অঞ্চলটো । উল্লেখযোগ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা কৰে সৰুপথাৰত। 

লগতে পঢ়ক:নগাঁৱত বাধাৰ সন্মুখীন ৰাহুল গান্ধী, বাতিল হ’ল বটদ্ৰৱা যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.