জয় শ্ৰীৰাম ধ্বনিৰে কঁপিল টীয়ক

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 6:18 PM IST

thumbnail

টীয়ক, ২২ জানুৱাৰী: অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ব্যতিক্ৰম নহয় টীয়কো । টীয়ক নগৰৰ মাজমজিয়াস্থিত শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰত  টীয়কবাসীৰ সহযোগত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি দিনজোৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । পূৱা ভজন,কীৰ্ত্তন,ৰাম বন্দনা আদি বিভিন্ন কাৰ্যসূচীৰ পাচত বিয়লি ৰাইজে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই ।

এই শোভাযাত্ৰাত বৃহত্তৰ টীয়কৰ শতাধিক লোকে অংশগ্ৰহণ কৰি জয় শ্ৰীৰাম ধ্বনিৰে টীয়কৰ আকাশ বতাহ কঁপাই তোলে । শোভাযাত্ৰাটোত অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিকাশ শইকীয়া, বিজেপিৰ কলিয়াপানী মণ্ডলৰ সভাপতি ৰাতুল বৰা, বিশ্ব হিন্দু পৰিষদৰ বিশ্বজিত বৰুৱা, বিজু কুমাৰ তনুৱালে সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক:ভাৰতবৰ্ষত নৱ প্ৰভাতৰ সূচনা হ’ল : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.