অসম ভ্ৰমণ সামৰি দিল্লীলৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰী মোদী

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 4:39 PM IST

thumbnail

মিৰ্জা, ৪ জানুৱাৰী: অসমৰ পৰা বিদায় মাগিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সমগ্র অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰি দিল্লীলৈ গ’লগৈ প্ৰধানমন্ত্ৰী ৷ গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা মুকলি সভাত জনতাক সম্বোধন কৰাৰ পিচত নাৰেংগিস্থিত ভাৰতীয় সেনা চাউনীত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী । ইয়াৰ পিছত হেলিকপ্টাৰ যোগে পোনে পোনে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ দিল্লীলৈ ৰাওনা হয় তেওঁ ।  

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক বিদায় সম্ভাষণ জনাবলৈ বিমানবন্দৰত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী যোগেন মহন, বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে বিজেপিৰ কাৰ্যকর্তাসকল । উল্লেখযোগ্য যে ধাৰাপুৰৰ পৰা নাৱনির্মিত বৰঝাৰ বিমানবন্দৰৰ পথচোৱাৰ ৬ লেনযুক্ত পথৰ লগতে পলাশবাৰীত হ'বলগীয়া অসমমালা আঁচনিৰ প্ৰকল্পৰ বাবে প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই । 

লগতে পঢ়ক:  ভাৰতীয়সকলৰ সুখী জীৱনেই হৈছে বিজেপি চৰকাৰখনৰ মূল লক্ষ্য: প্ৰধানমন্ত্রী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.