ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত মাজুলীৰ সত্ৰ-নামঘৰত হনুমান চালিচা পাঠ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 4:19 PM IST

thumbnail

মাজুলী, ২২ জানুৱাৰী: অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ লগত সংগতি ৰাখি মাজুলীৰ বিভিন্ন সত্ৰ-নামঘৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় । বিশ্ব হিন্দু মহাসংঘ অসমৰ অধ্যক্ষ জনাৰ্দ্দন দেৱ গোস্বামীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আজিৰ এই দিনটো সনাতন ধৰ্মৰ বাবে আনন্দৰ ক্ষণ । দক্ষিণপাট গৃহাশ্ৰমি সত্ৰটো দিনজোৰা কাৰ্যসূচীৰে আজিৰ দিনটো পালন কৰা হয় ।  

বিশ্ব হিন্দু মহাসংঘ অসমৰ উদ্যোগত মাজুলী জিলা সমিতিৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ৰাম মন্দিৰৰ প্রাণ প্ৰতিষ্ঠা লগত সংগতি ৰাখি দক্ষিণপাট আশ্ৰমী সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয় । ধৰ্মধ্বজা উত্তোলন, হনুমান চালিচা পাঠ, বেদ পাঠৰে দিনজোৰাকৈ বিশেষ দিনটো পালন কৰিব । সন্ধিয়ালৈ বন্তি প্ৰজ্বলন,ভজন, আৰতি আদিৰ কাৰ্যসূচী আয়োজন কৰা বুলি বিশ্ব হিন্দু মহাসংঘ অসমৰ অধ্যক্ষ জনাৰ্দ্দন দেৱ গোস্বামীয়ে কয় ।

লগতে পঢ়ক:মুখ্যমন্ত্রীয়ে অসমখনক গুণ্ডাৰাজলৈ পৰিণত কৰিলে: মীৰা বৰঠাকুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.