অসমৰ ঐতিহাসিক সমলসমূহ বিজ্ঞানভিত্তিক বিশ্লেষণেৰে 'Pragjyotisha Kamrupa' শীৰ্ষক গ্ৰন্থ উন্মোচন - Pragjyotisha Kamrupa

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : January 30, 2024 at 9:54 PM IST

1 Min Read

ডিব্ৰুগড়, 30 জানুৱাৰী : ডিব্ৰুগড় জিলা পুথিভঁৰালত মঙলবাৰ অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত Pragjyotisha Kamrupa শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয় । লেখক মঞ্জিল হাজিৰকা আৰু সনাতনা ৱাই এছৰ দ্বাৰা সম্পাদিত গ্ৰন্থখন উন্মোচন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সমিতিৰ সদস্য তথা চিন্তাবিদ, লেখক সুৰেশ চনীয়ে । Intellectual Forum Of North East ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই উন্মোচনী অনুষ্ঠানত উন্মোচক সুৰেশ চনীয়ে নিজৰ ভাষণ প্ৰসংগত এই গ্ৰন্থখনে প্ৰত্নতাত্ত্বিক বুৰঞ্জীৰ বহু নজনা কথা সন্নিবিষ্ট হৈ থকা বুলি উল্লেখ কৰি প্ৰত্নতাত্ত্বিক বিষয়ত গৱেষণা কৰি থকা সকলৰ বাবে সমল গ্ৰন্থ হিচাপে সহায়ক হ'ব বুলিও আশা প্ৰকাশ কৰিছে ।

Intellectual Forum Of North East ৰ উপ-সভানেত্ৰী ড৹ গাৰ্গী শইকীয়া মহন্তই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত অধ্যাপিকা ড৹ সংগীতা গগৈ, বুৰঞ্জীবিদ ড৹ ডম্বৰুধৰ নাথ, বিধায়ক প্ৰশান্ত ফুকন, তৰংগ গগৈসহ কেবাজনো লোক উপস্থিত থাকে ।

গ্ৰন্থখনৰ লেখক মঞ্জিল হাজৰিকাই গ্ৰন্থখনৰ সম্পৰ্কত কয় যে অসমৰ ঐতিহাসিক সমলসমূহ বিজ্ঞান ভিত্তিক বিশ্লেষণেৰে লিখা হৈছে এই গ্ৰন্থখন । ব্ৰহ্মপুত্ৰ উপত্যকাত থকা পুৰাতাত্ত্বিক ঐতিহাসিক সকলো সমল বিভিন্ন দিশৰ পৰা বিশ্লেষণ কৰা হৈছে । অসমৰ পুৰণি ইতিহাস পুনৰ উদ্ধাৰ কৰাৰ চেষ্টা কৰা হৈছে বুলিও কয় গ্ৰন্থখনৰ লেখকগৰাকীয়ে ।

লগতে পঢ়ক : 2023 চনৰ দুৰ্নীতি ধাৰণা সূচক; 180 খন দেশৰ ভিতৰত ভাৰত 93 স্থানত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.