সৰ্থেবাৰীত 7 কিলোগ্ৰাম গাঞ্জাসহ এজনক আটক আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 8:47 AM IST

thumbnail

বৰপেটা, 23 জানুৱাৰী : সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা ৷ সোমবাৰে সৰ্থেবাৰী চহৰৰ মাজমজিয়াত জব্দ 7 কিঃগ্ৰাঃ গাঞ্জাসহ এজনক আটক কৰে আৰক্ষীয়ে ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কয়, গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পৰা বাছেৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি সৰ্থেবাৰীলৈ আনি আছিল বিবেক নাথ নামৰ যুৱকজনে ৷ বাছৰ পৰা যেতিয়া সৰ্থেবাৰীত নামিছিল তেতিয়াই গাঞ্জাসহ হাতে-লোটে কৰায়ত্ত কৰা হয় বিবেকক ৷

ধৃত বিবেক নাথৰ স্বীকাৰোক্তি অনুসৰি, সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰ কাপলা গাঁৱলৈ আনিছিল গাঞ্জাখিনি ৷ বৰ কাপলা গাঁৱৰ আন এজন যুৱকক গাঞ্জাখিনি দিবলৈ অনা বুলিও ধৃত বিবেকে আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে ৷ সম্প্ৰতি আৰক্ষীৰ জেৰা চলি আছে আৰু গাঞ্জা ব্যৱসায়ৰ সৈতে কোন কোন জড়িত হৈ আছে সেই কথা উলিয়াবলৈ আৰক্ষী সক্ষম হ’ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : মৰিগাঁৱৰ মায়ঙত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.