৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ১২৫ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি - Narendra Modi in Assam

🎬 Watch Now: Feature Video

thumbnail
লাহদৈগড়স্থিত বীৰ লাচিত মৈডাম (undefined)

By ETV Bharat Assamese Team

Published : February 24, 2024 at 4:52 PM IST

1 Min Read
Choose ETV Bharat

টীয়ক, ২৪ ফেব্ৰুৱাৰী: ৯ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰী গৰাকীয়ে উন্মোচন কৰিব টীয়কৰ লাহদৈগড়স্থিত মহাবীৰ লাচিত মৈদামত নিৰ্মাণ কৰা সুউচ্চ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি । ইয়াকে লৈ এতিয়া যোৰহাটবাসীৰ লগতে লাচিত মৈদাম সংৰক্ষণ সমিতি তথা টীয়কবাসী উৎফুল্লিত হৈ পৰিছে ।  

ইপিনে, নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনে উৎফুল্লিত কৰিছে বিশেষকৈ বিজেপিৰ দলীয় নেতা-কৰ্মীক । উল্লেখযোগ্য যে লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচনৰ সমান্তৰালকৈ লাহদৈগড়ৰ মেটেলী পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা । জনসভাৰ উপৰি  প্ৰধানমন্ত্ৰী গৰাকীয়ে মত বিনিময় কৰিব লাখটকীয়া বাইদেউ সকলৰ সৈতে । 

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণেই উজনিত হ'ব একপ্ৰকাৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ । এই জনসভাত প্ৰায় ডেৰ লাখ লোক সমবেত কৰাৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে ৷ এই জনসভাৰ দলীয় প্ৰস্তুতিৰ ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই ইয়াৰ তত্বাৱধান লোৱা বুলি জানিব পৰি গৈছে ।

উল্লেখ্য যে যোৰহাটৰ হোলোঙাপাৰত থকা মহাবীৰ লাচিত মৈদামত অসম চৰকাৰে ১৫০ কোটি টকা ব্যয়ৰে নির্মাণ কৰিছে ১২৫ ফুট উচ্চতাৰ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তিটো ৷ ব্ৰঞ্জৰে নিৰ্মিত প্ৰতিমূৰ্তিটোৰ আধাৰশিলা স্থাপন কৰিছিল ২০২২ চনত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

লগতে পঢ়ক:১৮ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, উন্মোচন কৰিব বীৰ লাচিতৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details