৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ১২৫ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 4:52 PM IST

thumbnail

টীয়ক, ২৪ ফেব্ৰুৱাৰী: ৯ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰী গৰাকীয়ে উন্মোচন কৰিব টীয়কৰ লাহদৈগড়স্থিত মহাবীৰ লাচিত মৈদামত নিৰ্মাণ কৰা সুউচ্চ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি । ইয়াকে লৈ এতিয়া যোৰহাটবাসীৰ লগতে লাচিত মৈদাম সংৰক্ষণ সমিতি তথা টীয়কবাসী উৎফুল্লিত হৈ পৰিছে ।  

ইপিনে, নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনে উৎফুল্লিত কৰিছে বিশেষকৈ বিজেপিৰ দলীয় নেতা-কৰ্মীক । উল্লেখযোগ্য যে লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচনৰ সমান্তৰালকৈ লাহদৈগড়ৰ মেটেলী পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা । জনসভাৰ উপৰি  প্ৰধানমন্ত্ৰী গৰাকীয়ে মত বিনিময় কৰিব লাখটকীয়া বাইদেউ সকলৰ সৈতে । 

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণেই উজনিত হ'ব একপ্ৰকাৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ । এই জনসভাত প্ৰায় ডেৰ লাখ লোক সমবেত কৰাৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে ৷ এই জনসভাৰ দলীয় প্ৰস্তুতিৰ ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই ইয়াৰ তত্বাৱধান লোৱা বুলি জানিব পৰি গৈছে ।

উল্লেখ্য যে যোৰহাটৰ হোলোঙাপাৰত থকা মহাবীৰ লাচিত মৈদামত অসম চৰকাৰে ১৫০ কোটি টকা ব্যয়ৰে নির্মাণ কৰিছে ১২৫ ফুট উচ্চতাৰ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তিটো ৷ ব্ৰঞ্জৰে নিৰ্মিত প্ৰতিমূৰ্তিটোৰ আধাৰশিলা স্থাপন কৰিছিল ২০২২ চনত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

লগতে পঢ়ক:১৮ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, উন্মোচন কৰিব বীৰ লাচিতৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.